ধুবুৰী, 21 জানুৱাৰী :বিহুৰ বন্ধ কেতিয়াবাই শেষ হ’ল । কিন্তু বন্ধ পাৰ হ’লে কি হ’ব ? ৰাজ্যত বৰ্তমান প্ৰচণ্ড ঠাণ্ডা । সেয়ে ৰাজ্যৰ একাংশ চৰকাৰী কাৰ্যালয়ত ন বজাlতো বাদেই দিয়ক ৷ দিনৰ 11/12 বজালৈকেও কাৰ্যালয়লৈ আহি থাকে বিষয়া কৰ্মচাৰী । তাৰে একাংশই আকৌ নাজানে নিজৰেই কাৰ্যালয়ৰ নাম । আনহে নালাগে নাজানে নিজ কাৰ্যালয়ৰ বিষয়াৰ নাম ।
এই নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে ধুবুৰীত ৷ ধুবুৰী সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ (Dhubri Social Welfare Office) নিচেই কাষতেই অৱস্থিত বীৰসিং জৰুৱা সংসদ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত ভৰ দুপৰীয়ালৈকে নাই চৰকাৰী কৰ্মচাৰী (No employees in Dhubri Govt office) ৷ উদং চকী চাই চায়ে সময় পাৰ কৰিলে আমাৰ সাংবাদিকে ৷ অৱশেষত বহু অপেক্ষাৰ অন্তত এজন এজনকৈ আহিল কৰ্মচাৰীও ৷
বীৰসিং জৰুৱা সংসদ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ এনে কৰ্ম প্ৰণালীৰ নমুনাই এতিয়া চকু কপালত তুলিছে সচেতন মহলক । জানিব পৰা মতে, বীৰসিং জৰুৱা সংসদ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত মুঠ 9 গৰাকী বিষয়া কৰ্মচাৰী নিয়োজিত হৈ আছে ।
কিন্তু সময়মতেহে কাৰ্যালয়ত উপস্থিত নহয় কৰ্মচাৰী । অৱশ্যে এই অভিযোগ আজি বা কালিৰ নহয় ৷ এই কাৰ্যালয়টোৰ বিৰুদ্ধে দীর্ঘ দিন ধৰি উত্থাপন হৈ আহিছে এই অভিযোগ । অভিযোগ অনুসৰি, ঘৰত বহিয়েই চৰকাৰী দৰমহা ভোগ কৰি থাকে একাংশ বিষয়া কৰ্মচাৰীয়ে ৷