ধুবুৰী, 20 জানুৱাৰী :এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচনৰ ধনক কেন্দ্ৰ কৰি আজমলক সন্ত্ৰসবাদৰ সৈতে জড়িত বুলি অভিযোগ তুলি তীব্র সমালোচনা কৰি আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ফলত বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল বদৰুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচন । ইয়াৰ পাচতেই বুধবাৰে এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকে ধুবুৰীৰ গৌৰীপুৰত অনুষ্ঠিত হোৱা এখন দলীয় সভাত আজমলৰ উপস্থিতিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় ৷
মন্ত্ৰী হিমন্তক উভতি ধৰিলে বিধায়ক নজৰুল হকে - বদৰুদ্দিন আজমল
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ উভতি ধৰিলে এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকে। সন্ত্ৰসবাদীৰ সৈতে আজমল জড়িত থকাৰ প্ৰসংগ উপস্থাপন কৰি মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান বিধায়ক নজৰুলৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পৃথিৱীৰ আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰী আখ্যা দিয়াৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো তীব্র সমালোচনা বিধায়ক নজৰুলৰ।
আজমল যদি সন্ত্ৰসবাদৰ সৈতে জড়িত আছে তেন্তে মন্ত্ৰী হিমন্তক এক মিনিটৰ অডিঅ’ ভিডিঅ’ এটা দিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে । লগতে আজমল ফাউণ্ডেচনলৈ বিদেশৰ ধন অহা বিষয় প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে, আজমল ফাউণ্ডেচনলৈ যদি সন্ত্ৰসবাদীৰ ধন আহে তেন্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰক । কাৰণ যিকোনো এন জি অ’ লৈ বিদেশৰ ধন আহিলে সেয়া চৰকাৰৰ জৰিয়তে আহে ।
ইপিনে বিধায়ক গৰাকীয়ে নিজৰ ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সমালোচনা কৰি পৃথিৱীৰ সবাতোকৈ মিছলীয়া ব্যক্তি বুলি আখ্যা দিয়ে। আনহাতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ একাংশই মোডী চৰকাৰৰ হৈ কাম কৰাৰ বিপৰীতে মোডী চৰকাৰে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ তোলে ধুবুৰীৰ বিধায়ক নজৰুল হকে।
লগতে পঢ়ক :ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা