ধুবুৰী, 23 এপ্ৰিল : ক্ৰমাৎ গণ সংক্ৰমণৰ দিশে গতি কৰিছে ধুবুৰী জিলা ৷ দৈনিক দুগুণ হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, যাৰ ফলত শংকিত হৈ পৰিছে জিলাখনৰ জনসাধাৰণ ৷ বৃহস্পতিবাৰৰ দিনটোত পুনৰ 18 জনকৈ লোক আক্ৰান্ত হোৱাত একপ্ৰকাৰ আতংকই বিৰাজ কৰিছে জিলাখনত ৷ আনহাতে দুটি কণমানিৰ দেহত ক'ৰণাৰ উপস্থিতি ধৰা পৰাৰ পাচত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে গৈ 84 গৰাকী ৷
ধুবুৰীত 84 জনলৈ বৃদ্ধি ক'ৰণাক্ৰান্ত ৰোগীৰ সংখ্যা - COVID 19
বৃহস্পতিবাৰৰ দিনটোত ধুবুৰী জিলাত পুনৰ 18 জনকৈ লোক ক'ৰণাত আক্ৰান্ত হোৱাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে গৈ 84 গৰাকী ৷
ধুবুৰীত 84 জনলৈ বৃদ্ধি ক'ৰণাক্ৰান্ত ৰোগীৰ সংখ্যা
উল্লেখ্য যে, বৃহস্পতিবাৰে আক্ৰান্ত হোৱা 18 গৰাকী আক্ৰান্তৰ ভিতৰত থকা দুই কণমানিৰ এগৰাকী ধুবুৰী এছটি আগষ্ট ইংলিছ হাইস্কুলৰ ছাত্ৰ হোৱাৰ লগতে আন গৰাকী বিলাসীপাৰাৰ বুলি জনাইছে স্বাস্থ্য বিভাগে ৷ সম্প্ৰতি আচাইকেইজনকে হোম আইচ'লেচনত ৰখা হৈছে বুলি প্ৰকাশ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক: কাল ক'ৰণাই প্ৰাণ ল'লে যোৰহাটৰ ক্ৰীড়া সংগঠকৰ