ধুবুৰী,4 ফেব্ৰুৱাৰী:বৃহস্পতিবাৰৰ দিনটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ধুবুৰীৰ ৰাজীৱ ভৱনত ৷ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু কৃষক বিৰোধী আইন আদি কেইবাটাও সমস্যাৰ বিৰুদ্ধে ধুবুৰীৰ ৰাজীৱ ভৱনত এনএছইউআই-ৰ নেতৃত্বত একাংশ সদস্য একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷
এনএছইউআই-ৰ জিলা পৰ্যবেক্ষক পাৰভেজ ৰাজা আৰু জিলা এনএছইউআই-ৰ সভাপতি ৰফিকুল ইছলাম চৌধুৰীৰ নেতৃত্বত হোৱা এনে প্ৰতিবাদৰ সময়তে প্ৰতিবাদস্থলীত উপস্থিত হয় আৰক্ষী ৷ উত্থাপিত অভিযোগ অনুসৰি, আৰক্ষীৰ দলটোৱে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ লগতে এনএছইউআই-ৰ পতাকা ভৰিৰে গচকি ফালি পেলায় ৷ এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে প্ৰতিবাদস্থলী ৷