অসম

assam

ETV Bharat / state

প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পাব এন আৰ চি: প্ৰস্তুতি তুংগত - NRC WILL BE PUBLISHED ON 31ST AUGUST : PREPARATIONS

বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা । ইয়াক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো। শনিবাৰে পুৱা দহ বজাৰ লগে লগে অন্য জিলাৰ লগতে ধুবুৰীৰ মুঠ 136 টাকৈ এন এছ কে চেণ্টাৰত যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি উলিওৱা হৈছে ।

প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পাব এন আৰ চি : প্ৰস্তুতি তুংগত

By

Published : Aug 30, 2019, 1:06 PM IST

ধুবুৰী, 30 আগষ্ট : বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। ইয়াক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো। শনিবাৰে পুৱা দহ বজাৰ লগে লগে অন্য জিলাৰ লগতে ধুবুৰীৰ মুঠ 136 টাকৈ এন এছ কে চেণ্টাৰত যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি উলিওৱা হৈছে। ইপিনে বিগত প্ৰায় পাঁচ বছৰৰ পৰা এন আৰ চিৰ কামত নিয়োজিত হৈ থকা বিষয়া কৰ্মচাৰী সকল আনন্দিত হৈ পৰাৰ লগতে এখন শুদ্ধ এন আৰ চি প্ৰকাশ পাব বুলি আশা প্ৰকাশ কৰিছে।

প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পএন আৰ চি : প্ৰস্তুতি তুংগত

তথ্য অনুসৰি,পুৱা দহ বজাত প্ৰতিখন এন এছ কে চেণ্টাৰৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়,চক্ৰ বিষয়াৰ কাৰ্যালয়,খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সকলোৱে নিজৰ নাম চাব পাৰিব ৷ কোনো অসুবিধাৰ সন্মুখীন নহ'বৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে ৷ উল্লেখযোগ্য যে,বহু উৎকণ্ঠা আৰু প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকালৈ সকলোৱে বাট চাই ৰৈছে ৷

ABOUT THE AUTHOR

...view details