অসম

assam

ETV Bharat / state

চৰকাৰী এনপিএছ কৰ্মচাৰীৰ কৰ্ম বিৰতি - পুৰণি পেঞ্চন নীতি

ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত মঙলবাৰে ৰাজ্যজুৰি সৰ্বাত্মক কৰ্ম বিৰতিৰ কাৰ্যসূচী পালন কৰিছে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই ।

চৰকাৰী এনপিএছ কৰ্মচাৰীৰ কৰ্ম বিৰতি
চৰকাৰী এনপিএছ কৰ্মচাৰীৰ কৰ্ম বিৰতি

By

Published : Feb 23, 2021, 2:04 PM IST

Updated : Mar 2, 2021, 1:28 PM IST

ধুবুৰী,23 ফেব্ৰুৱাৰীঃ ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত অসম চৰকাৰৰ এনপিএছ কৰ্মচাৰী । হাতে হাতে প্লে’কাৰ্ড লৈ কাৰ্যালয় এৰি ৰাজপথলৈ ওলাই আহিল এইসকল চৰকাৰী কৰ্মচাৰী । উল্লেখ্য যে, ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত মঙলবাৰে ৰাজ্যজুৰি সৰ্বাত্মক কৰ্ম বিৰতিৰ কাৰ্যসূচী পালন কৰিছে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই ।

চৰকাৰী এনপিএছ কৰ্মচাৰীৰ কৰ্ম বিৰতি

প্ৰতিবাদী কাৰ্যসূচী অনুসৰি ৰাজ্যৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ এনপিএছ কৰ্মচাৰীসকলে আজি নিজ নিজ কাৰ্যালয়ত উপস্থিত হৈ কেৱল পঞ্জীয়ন বহীত চহী কৰিয়েই চৰকাৰী সকলো কামৰ পৰা বিৰত থাকে । শীঘ্ৰেই এনপিএছ কৰ্মচাৰী সকলৰ দাবী পূৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে কৰ্মচাৰীসকলে । উল্লেখ্য যে, দুদিনমান পূৰ্বেও সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত স্তব্ধ হৈ আছিল ধুবুৰী জিলাৰ প্ৰায়বোৰ প্ৰশাসনিক কাৰ্যালয় । আজি পুনৰ এনপি এছ কৰ্মচাৰী সংস্থাৰ কৰ্ম বিৰতিয়ে একপ্ৰকাৰ স্তব্ধ কৰি তুলিছে ধুবুৰী জিলাৰ প্ৰায়বোৰ প্ৰশাসনিক কাৰ্যালয় ।

চৰকাৰী এনপিএছ কৰ্মচাৰীৰ কৰ্ম বিৰতি
লগতে পঢ়ক: বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান
Last Updated : Mar 2, 2021, 1:28 PM IST

ABOUT THE AUTHOR

...view details