অসম

assam

By

Published : Sep 25, 2020, 9:06 PM IST

ETV Bharat / state

স্বাস্থ্য সেৱাৰ নামত বিলাসীপাৰাত ভেঙুচালি !

স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবে বৰ্তমান ভূত বাংলাৰ লগতে গৰুৰ গোহালিলৈ পৰিণত হৈছে পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত স্বাস্থ্য বিভাগৰ উপ-স্বাস্থ্য কেন্দ্ৰটো ৷ আৰেয়াৰঝাৰ সংৰক্ষিত বনাঞ্চলত তথা কৱৰস্থানৰ মাজত অৱস্থিত স্বাস্থ্য বিভাগৰ উপ-স্বাস্থ্য কেন্দ্ৰটোক লৈ এতিয়া ৰাইজৰ মাজত উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন ৷

Non working health center at Bilashipara
স্বাস্থ্য সেৱাৰ নামত বিলাসীপাৰাত ভেঙুচালি !

পূৱ বিলাসীপাৰা, 25 ছেপ্তেম্বৰ: পূৱ বিলাসীপাৰাৰ চাপৰৰ এখন উপ-স্বাস্থ্য কেন্দ্ৰৰ অৱস্থাই উদঙাইছে স্বাস্থ্য বিভাগৰ আন এক দুখলগা অৱস্থা ৷ সাস্থ্য বিভাগৰ অৱহেলাৰ বাবেই বৰ্তমান ভূত বাংলাৰ লগতে গৰুৰ গোহালিলৈ পৰিণত হৈছে পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰেয়াৰঝাৰ সংৰক্ষিত বনাঞ্চলত তথা কৱৰস্থানৰ মাজত অৱস্থিত স্বাস্থ্য বিভাগৰ উপ-স্বাস্থ্য কেন্দ্ৰটো ৷ উল্লেখ্য যে, যদিও উক্ত উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নাম চকচকা উপ-স্বাস্থ্য কেন্দ্ৰ ৰাখ হৈছে প্ৰকৃততে উক্ত স্থানৰ পৰা চকচকা গাঁওখন প্ৰায় দুই কি:মি: নিলগতহে অৱস্থিত ৷ স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ সাত বছৰ সম্পূৰ্ণ হল যদিও আজি পৰ্যন্ত উদ্বোধন নহ’ল কেন্দ্ৰটো ৷ যাৰ বাবে আজিলৈকে চিকিৎসক নাৰ্চৰ মুখ নেদেখিলে স্বাস্থ্য কেন্দ্ৰটোৱে ৷

স্বাস্থ্য সেৱাৰ নামত বিলাসীপাৰাত ভেঙুচালি !

উল্লেখ্য যে, পৰিতক্ত অৱস্থাত পৰি থকাৰ বাবে বৰ্তমান হাবি জংঘলে আৱৰি ধৰিছে কেন্দ্ৰটোক ৷ মানুহৰ স্বাস্থ্য সেৱাৰ বাবে নিৰ্মিত এই স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান গৰু-ছাগলীৰ গোহালিলৈহে পৰ্যবসিত হৈছে ৷ স্বাস্থ্য সেৱাৰ নামত চকচকা অঞ্চলৰ ৰাইজক চৰম ভেঙুচালি কৰা এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ প্ৰশ্ন হয়, সংৰক্ষিত বনাঞ্চল তথা চাৰিও দিশে কৱৰস্থান থকা এখন ঠাইত কি দৰে নিৰ্মাণ হল উপ স্বাস্থ্য কেন্দ্ৰটো ? স্বাস্থ্য সেৱাৰ নামত ৰাইজক এনেদৰে প্ৰতাৰণা কৰাৰ পৰিৱৰ্তে কেন্দ্ৰ সমূহ কাৰ্যক্ষম কৰি চিকিৎসা সেৱা উন্নত কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক:পাঠ্যক্ৰমৰ পৰা বাদ পৰিল দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু

ABOUT THE AUTHOR

...view details