অসম

assam

ETV Bharat / state

কৃত্ৰিম বানৰ সমস্যাঃ ধুবুৰীত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

প্ৰায় ৪০ বছৰ ধৰি সমাধান নহ'ল ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ কৃত্ৰিম বানৰ সমস্যা । বছৰৰ প্ৰায় ৬ মাহে কৃত্ৰিম বানৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হয় স্থানীয় ৰাইজে । পানী ওলাই যাব পৰাকৈ নলাৰ সু-ব্যৱস্থা নথকাৰ বাবেই যমৰ যাতনা ভূগি আহিছে বাসিন্দাসকলে । জন প্ৰতিনিধি তথা চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই এইবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৩ নং ৱাৰ্ডৰ ৰাইজে ।

কৃত্ৰিম বানৰ সমস্যাঃ ধুবুৰীত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ
কৃত্ৰিম বানৰ সমস্যাঃ ধুবুৰীত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

By

Published : Mar 25, 2021, 3:48 PM IST

ধুবুৰী, ২৫ মাৰ্চ: স্থানীয় বিধায়ক আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ সমাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিলে ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ শতাধিক লোকে । দীর্ঘ দিন ধৰি কৃত্ৰিম বানৰ সমস্যাত ভূগি আহিছে ৩ নং ৱাৰ্ডৰ লোকসকলে । ৱাৰ্ডটোৰ বালুৰ চৰ অঞ্চলত পানী ওলাই যাব পৰাকৈ নলাৰ সু-ব্যৱস্থা নথকাৰ বাবে বৰষুণ হ'লেই কৃত্ৰিম বানৰ সৃষ্টি হয় ।

কৃত্ৰিম বানৰ সমস্যাঃ ধুবুৰীত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

বছৰৰ প্ৰায় ৬ মাহে কৃত্ৰিম বানৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হয় স্থানীয় ৰাইজে । বাসগৃহৰ বাহিৰে-ভিতৰে নলাৰ পানী উপচি পৰে । ৰাইজে এই সমস্যাৰ সমাধানৰ বাবে স্থানীয় বিধায়ক আৰু ধুবুৰী পৌৰসভাক আহ্বান জনাইছে যদিও সুফল নাপালে ।

কৃত্ৰিম বানৰ সমস্যাঃ ধুবুৰীত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

ৱাৰ্ডৰ পথবোৰো পানীয়ে বুৰাই পেলোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হয় । স্থানীয় ৰাইজে জনোৱা মতে, আজি পৰ্যন্ত স্থানীয় বিধায়ক নজৰুল হকক তেওঁলোকে উক্ত অঞ্চললৈ অহা দেখা পোৱা নাই ।

কৃত্ৰিম বানৰ সমস্যাঃ ধুবুৰীত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

আনকি বিধায়কৰ নামো নাজানে এই সকল ৰাইজে । কৃত্ৰিম বানৰ সমস্যাই বিগত ৪০ বছৰে জুৰুলা কৰা এই লোকসকলৰ বাবে চিন্তা কৰিবলৈ সময় নাই স্থানীয় প্ৰতিনিধি আৰু চৰকাৰৰ । সেয়ে, ক্ষোভিত হৈ ৱাৰ্ডটোৰ শতাধিক লোকে এইবাৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক:প্ৰমোদ বড়োলৈ "শান্তিৰ দূত" সন্মান গোৰ্খা সমাজৰ

ABOUT THE AUTHOR

...view details