অসম

assam

ETV Bharat / state

ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মানসিক ৰোগ বিষয়ক প্ৰশিক্ষণ - মানসিক ৰোগত আক্ৰান্ত

ধুবুৰীৰ নাৰ্চিং ট্ৰেনিং চেণ্টাৰত এদিনীয়া জিলাভিত্তিক মানসিক ৰোগ বিষয়ক প্ৰশিক্ষণ । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানসিক ৰোগৰ চিকিৎসক প্ৰকাশ বৰ্মন আৰু সমাজকৰ্মী জেহিৰুল ইছলাম ।

ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মানসিক ৰোগ বিষয়ক প্ৰশিক্ষণ
ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মানসিক ৰোগ বিষয়ক প্ৰশিক্ষণ

By

Published : Jan 30, 2021, 6:09 PM IST

ধুবুৰী, ৩০ জানুৱাৰী: ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত এদিনীয়া জিলাভিত্তিক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় । ধুবুৰী জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অংশ হিচাপে নাৰ্চিং ট্ৰেনিং চেণ্টাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মানসিক ৰোগ বিষয়ক প্ৰশিক্ষণ দিয়া হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানসিক ৰোগৰ চিকিৎসক প্ৰকাশ বৰ্মন আৰু সমাজকৰ্মী জেহিৰুল ইছলাম ।

ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মানসিক ৰোগ বিষয়ক প্ৰশিক্ষণ

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানসিক ৰোগৰ চিকিৎসক প্ৰকাশ বৰ্মন আৰু সমাজকৰ্মী জেহিৰুল ইছলাম । প্ৰশিক্ষণ কাৰ্যসূচীত মানসিক ৰোগৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে আৰু সমাজত ব্যপক হাৰত বৃদ্ধি হোৱা অন্ধবিশ্বাস দূৰ কৰিবলৈও আহ্বান জনায় বিশিষ্ট ব্যক্তিসকলে ।

ইয়াৰ উপৰিও কোনো লোক মানসিক ৰোগত আক্ৰান্ত হ'লে মানসিক ৰোগীৰ চিকিৎসকৰ পৰামৰ্শ ল'বলৈও অনুৰোধ জনায় ৷ মানসিক ৰোগীৰ প্ৰতি মৰম, স্নেহ আৰু সহানুভূতি প্ৰদৰ্শন কৰি বিপথে পৰিচালিত হোৱাত বাধা দিবলৈ আহ্বান জনায় অনুষ্ঠানত উপস্থিত থকা চিকিৎসকসকলে ৷

ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মানসিক ৰোগ বিষয়ক প্ৰশিক্ষণ

অনুষ্ঠানত বিশিষ্ট অতিথি তথা অধিবক্তা মহুৱা দাসে মানসিক ৰোগৰ মানসিক ৰোগ চিকিৎসা আৰু সুৰক্ষা আইন ২০১৭ সন্দৰ্ভত বক্তব্য আগবঢ়ায় । এই অনুষ্ঠানত আৰক্ষী, অধিবক্তা, সমাজ কল্যাণ বিষয়া, বহু কেইগৰাকী চৰকাৰী বিষয়াৰ লগতে স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত আশা, আশা চুপাৰভাইজাৰ, চিকিৎসা কৰ্মী, ১০৮ এম্বুলেঞ্চ সেৱাৰ ইএমটি আৰু চালকৰ প্ৰশিক্ষণ ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক:গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

ABOUT THE AUTHOR

...view details