অসম

assam

By

Published : Dec 22, 2020, 7:42 PM IST

ETV Bharat / state

ধুবুৰীত ''কল্পজ্যোতি''ৰ প্ৰশংসনীয় প্ৰদক্ষেপ

যি সময়ত একাংশ নৱ প্ৰজন্মই ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ কৰি আহিছে তেনে সময়তে ধুবুৰীৰ এচাম নৱ প্ৰজন্মই সপোন দেখিছে এখন নতুন সমাজ সুস্থ সমাজ গঢ়াৰ ।

ধুবুৰীত ''কল্পজ্যোতি''ৰ প্ৰশংসনীয় প্ৰদক্ষেপ
ধুবুৰীত ''কল্পজ্যোতি''ৰ প্ৰশংসনীয় প্ৰদক্ষেপ

ধুবুৰী,22ডিচেম্বৰঃ আজিৰ পৰা প্ৰায় সাত মাহমান পূৰ্বে ধুবুৰীত জন্ম হৈছিল কল্পজ্যোতি নামৰ এটা বেচৰকাৰী সংগঠনৰ। যি সংগঠনে বৰ্তমান ৰাজ্য তথা দেশৰ উপৰিও সমগ্ৰ বিশ্বতেই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগতে কেইবাখনো দেশত শাখা কমিটি গঠন কৰি নৱ প্ৰজন্মক লৈ এক সপোন বাস্তৱায়িত কৰি এখন সুস্থ সমাজ গঢ়াৰ সপোন দেখিছে কল্পজ্যোতিৰ কৰ্মকৰ্তা সকলে ।

ধুবুৰীত ''কল্পজ্যোতি''ৰ প্ৰশংসনীয় প্ৰদক্ষেপ

উল্লেখযোগ্য যে, কল্পজ্যোতিৰ উদ্যোগত বিগত সাত মাহত বিভিন্ন সামাজিক কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে । মঙলবাৰে ধুবুৰীৰ লায়ন্স ক্লাৱত অনুষ্ঠিত হয় কল্পজ্যোতিৰ বাৰ্ষিক সন্মিলন । এই সন্মিলনত ধুবুৰী জিলাকে ধৰি ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা প্ৰতিনিধি বৰ্গ অনলাইন যোগে অংশগ্ৰহণ কৰে । ইপিনে উক্ত অনুষ্ঠানত উপস্থিত থকা শতাধিক কৰ্মকৰ্তা আৰু নৱ প্ৰজন্মক উদ্দেশ্যি নিৰ্দিষ্ট বক্তা সকলে বহু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । কাৰ্যসূচীৰ মাজতেই এখন সংবাদমেলৰ আয়োজন কৰে কল্পজ্যোতিৰ কৰ্মকৰ্তা সকলে । সংবাদমেলৰ জৰিয়তে ড্ৰাগছ আসক্ত বা অসামাজিক কাৰ্য্যকলাপৰ সৈতে জড়িত হৈ পৰা নৱ প্ৰজন্মক ইতিবাচক চিন্তাৰে এখন সুস্থ সমাজ গঢ়িবলৈ আগবাঢ়ি অহাৰ বাবে আহ্বান জনায় কল্পজ্যোতিৰ কৰ্মকৰ্তা সকলে। সম্প্ৰতি কল্পজ্যোতিৰ এনে পদক্ষেপক সকলোৱে শলাগ লোৱা দেখা গৈছে ৷

ধুবুৰীত ''কল্পজ্যোতি''ৰ প্ৰশংসনীয় প্ৰদক্ষেপ
লগতে পঢ়কঃ কৰ্মসংস্থাপনৰ দাবীত উত্তাল চিৰাং

ABOUT THE AUTHOR

...view details