ধুবুৰী, 10 জানুৱাৰী :ধুবুৰীত আস্থা নামৰ এটা সামাজিক গোটে প্ৰায় ডেৰ শতাধিক দৰিদ্ৰ ল’ৰা ছোৱালীক লৈ দেওবাৰে পালন কৰিছে নৱবৰ্ষৰ । ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত আস্থাই ল’ৰা ছোৱালীসকলৰ মাজত আয়োজন কৰিছে বনভোজৰ । কণ কণ ল’ৰা ছোৱালী মনোৰঞ্জনৰ কাৰণে বিভিন্ন খেল ধেমালিৰো আয়োজন কৰে আস্থা গোটে ।
ধুবুৰীত দৰিদ্ৰ শিশুক কিতাপ-বহী বিতৰণ - Aastha
দৰিদ্ৰ শিশুৰ সৈতে ধুবুৰীত নৱবৰ্ষ উদযাপন কৰিলে আস্থা নামৰ সামাজিক গোটটোৱে ৷ খেল-ধেমালি আৰু বনভোজৰ পাছতেই 130 গৰাকী ল’ৰা-ছোৱালীৰ মাজত প্ৰয়োজনীয় কিতাপ, বহী আৰু কলমৰ লগতে বিভিন্ন উপহাৰ বিতৰণ কৰে আস্থাই ।
![ধুবুৰীত দৰিদ্ৰ শিশুক কিতাপ-বহী বিতৰণ New year Celebration by Aastha in Dhuburi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10189053-thumbnail-3x2-l.jpg)
ধুবুৰীত দৰিদ্ৰ ল’ৰা ছোৱালীক আস্থাৰ লৈ নৱবৰ্ষ পালন
আস্থা গোটে খেল-ধেমালি আৰু বনভোজৰ পাছতেই 130 গৰাকী ল’ৰা ছোৱালীৰ মাজত প্ৰয়োজনীয় কিতাপ, বহী আৰু কলমৰ লগতে বিভিন্ন উপহাৰ বিতৰণ কৰে । উল্লেখ্য যে, ধুবুৰীত আস্থাই শিক্ষাৰ লগতে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে । সংস্থাটোৱে জিলাখনত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষামূলক যাৱতীয় খৰচ বহন কৰি এক সুনাম অৰ্জন কৰি আহিছে ।
ধুবুৰীত দৰিদ্ৰ ল’ৰা ছোৱালীক আস্থাৰ লৈ নৱবৰ্ষ পালন
লগতে পঢ়ক : ৰিপুণ বৰাই পি চিদাম্বৰামৰ পৰা ধমকি খোৱাতো সাধাৰণ কথা : ৰকিবুল হুছেইন