অসম

assam

ETV Bharat / state

হাতীপোতাত কিয় শুকাই গৈছে গছ-গছনি ? - east bilasipara

পূৱ বিলাসীপাৰাৰ চাপৰৰ হাতীপোতাত প্ৰকৃতিৰ বিপৰ্যয় ৷ ক্ৰমাৎ মৰহি গৈছে সেউজীয়া গছ-গছনি ৷ তাকে লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ ৷

natural-destroy-at-east-bilasipara
হাতীপোতাত প্ৰকৃতিৰ ৰুষ্ট ৰূপ ! এফালৰ পৰা শুকাই গৈছে গছ-গছনিসমূহ

By

Published : Jun 1, 2020, 6:51 PM IST

Updated : Jun 1, 2020, 7:59 PM IST

পূৱ বিলাসীপাৰা, ১ জুনঃবিগত দুমাহ ধৰি লক ডাউনৰ সময়চোৱাত প্ৰদূষণৰ কবলৰ পৰা কিছু সকাহ পাইছে প্ৰকৃতিয়ে ৷ বিশেষকৈ ধুবুৰী জিলাৰ প্ৰান্তে প্ৰান্তে অৱস্থিত ব্যাপক প্ৰদূষণ সৃষ্টিকাৰী ইটাভাটা সমূহ বন্ধ হৈ পৰাত বায়ু প্ৰদূষণৰ পৰা কিছু সকাহ লাভ কৰিছিল প্ৰকৃতিৰ লগতে জীৱকুলে ৷ কিন্তু তাৰ মাজতে এক নেতিবাচক বাৰ্তাই পূৱ বিলাসীপাৰাৰ চাপৰৰ হাতীপোতা অঞ্চলত এক কৌতুহলৰ সৃষ্টি কৰিছে সাধাৰণ জনতাৰ মাজত ৷ অঞ্চলটোৰ বাটে-ঘাটে থকা আৰু ঘৰৰ বাৰীৰ গছ গছনি সমূহ ক্ৰমাৎ মৰহি গৈ মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে ৷ কি কাৰণত গছ গছনিবোৰৰ এনে অৱস্থা হৈছে সেয়া স্পষ্ট হোৱা নাই ৷

হাতীপোতাত প্ৰকৃতিৰ ৰুষ্ট ৰূপ ! এফালৰ পৰা শুকাই গৈছে গছ-গছনিসমূহ

ক্ৰমশঃ গছ-গছনিৰ পাতবোৰ শুকাই যোৱা প্ৰত্যক্ষ কৰা হৈছে ৷ আনহাতে গছবোৰৰ কোনো বেমাৰ বা অন্য কাৰণো পৰিলক্ষিত হোৱা নাই ৷ তৎসত্ত্বেও অঞ্চলটোৰ গছ-গছনি এইদৰে শুকাই যোৱাৰ ঘটনাই স্থানীয় লোকৰ লগতে প্ৰকৃতি প্ৰেমীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃপুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

Last Updated : Jun 1, 2020, 7:59 PM IST

ABOUT THE AUTHOR

...view details