ধুবুৰী, 9 অক্টোবৰ: ধেমাজিত জিলা কাৰাগাৰত সাইলাখ বলীউডৰ দৰে ঘটনা (Murder case in Dhemaji jail)৷ কাৰাগাৰৰ ভিতৰতেই এজন যুৱকৰ মৃত্যুক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে (Youth allegedly murdered in jail) ৷ কাৰাগাৰৰ তিনি কয়ডীয়ে যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে (Youth died in Dhemaji jail) ৷
অভিযোগ অনুসৰি কিছুদিন পূৰ্বে ধুবুৰীৰ নিউঘাট অঞ্চলৰ জাকিৰ শেখ নামৰ এজন কাঠ ব্যৱসায়ীয়ে পুৰণি কাঠ ক্ৰয় কৰিবলৈ বাবে ডিব্ৰুগড়লৈ গৈছিল ৷ তাৰ পৰা ডিব্ৰুগড়ৰ ইৰফান আহমেদ, ফৰিদ খান আৰু ছাহিল খান নামৰ তিনি যুৱকে ধেমাজিৰ এখন হোটেললৈ জাকিৰক পুৰণি কাঠ দেখুৱাবলৈ লৈ যায় ৷ কিন্তু কাঠখিনি পছন্দ নোহোৱাত পুনৰ তিনি যুৱকে কাঠ ব্যৱসায়ী জাকিৰক তিনিচুকীয়ালৈ লৈ যায় ৷
কিন্তু আধা বাটতেই তিনি যুৱকে জাকিৰক দুই লাখ টকা দাবী কৰি মাৰপিট কৰিছিল ৷ তাৰ পিছতেই তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় হৈ ধেমাজিৰ কুলাজান অভিমুখে যোৱাৰ সময়তে চিলাপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল ধুবুৰীৰ জাকিৰ সহ ডিব্ৰুগড়ৰ তিনিজন যুৱক (Drugs seized case in Dhemaji)৷ চিলাপথাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি ধেমাজি জিলা কাৰাগৰলৈ প্ৰেৰণ কৰে চাৰিও অভিযুক্তক (Four arrested in drugs seized case) ৷
কিন্তু হঠাৎ ৬ অক্টোবৰৰ নিশা ধেমাজি জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা জাকিৰ শেখ অসুস্থ বুলি আৰক্ষীয়ে ঘৰৰ পৰিয়ালক অৱগত কৰে ৷ আৰক্ষীৰ খবৰ অনুসৰি পৰিয়ালৰ লোকে ধেমাজি অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ পৰিয়ালৰ লোক উপস্থিত হোৱালৈ জাকিৰৰ মৃত্যু হয় ৷ লগে লগে চিকিৎসালয়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে জাকিৰৰ পৰিয়ালে ৷