ধুবুৰী/তেজপুৰ, 11 নৱেম্বৰ : গংগাবিলাস, চৰাইদেউ-2 ৰ পিছত এইবাৰ পৰ্যটকসহ আৰ ভি কিন্দত পাণ্ডাও নামৰ বিলাসী জাহাজখন উপস্থিত হ’ল ধুবুৰীত ৷ 31 গৰাকীকৈ দেশী-বিদেশী পৰ্যটক লৈ ধুবুৰীত উপস্থিত হয় বিলাসী জাহাজখন ৷ 31 অক্টোবৰত কলিকতাৰ পৰা যাত্ৰা আৰম্ভ কৰা বিলাসী জাহাজখনত আছে দেশ-বিদেশৰ 31 গৰাকীকৈ পৰ্যটক ৷ কলিকাতাৰ পৰা বাংলাদেশ হৈ শুকুৰবাৰে জাহাজখনে প্ৰৱেশ কৰে ধুবুৰীত ৷
ধুবুৰী বন্দৰত উপস্থিত হোৱাৰ পিছত আন্তঃদেশীয় পাৰপত্ৰ পৰীক্ষা কৰা হয় পৰ্যটক সকলৰ ৷ ইয়াৰ পিছতেই পৰ্যটক সকলে ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰ, নেতাই ধুবুনী ঘাট, পাঁচ পীৰ দৰগাহ আৰু ৰাণী ভিক্টোৰিয়া পাৰ্কৰ লগতে কেইবাটাও ঐতিহাসিক সমল আৰু স্থান ভ্ৰমণ কৰে ৷ ধুবুৰী জাহাজ বন্দৰত পৰ্যটক সকলক অসমীয়াৰ স্বভিমান ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷
জাহাজখনত আমেৰিকাৰ 4 গৰাকী পৰ্যটক, 9 গৰাকী বৃটিছ পৰ্যটক, কানাডাৰ 4 গৰাকী, ছুইজাৰলেণ্ডৰ 2 গৰাকী আৰু 12 গৰাকী অষ্ট্ৰেলিয়ান পৰ্যটক আছে ৷ তদুপৰি এই পৰ্যটক সকলৰ লগতে আন 21 গৰাকী ভাৰতীয় পৰ্যটকো আছে ৷ দেশী-বিদেশী পৰ্যটক সকলে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুয়েদি যাত্ৰা কৰি একপ্ৰকাৰ অভিভূত হৈ পৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷