অসম

assam

By

Published : Apr 29, 2019, 11:16 PM IST

ETV Bharat / state

চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ৰ হত্যাকাণ্ডৰ নতুন ৰহস্য

৫০ হাজাৰ টকা চুপাৰীলৈ হত্যা কৰা হৈছিল বিলাসীপাৰাৰ বহলপুৰৰ চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক । আটক চুপাৰী কিলাৰ বিপুল বসুমতাৰী ।

বিলাসীপাৰা,২৯ এপ্ৰিলঃপূৱ বিলাসীপাৰাৰ বহলপুৰত হোমিঅ’ চিকিৎসকক তথা বিজেপি নেতাক গুলীয়াই হত্যা কৰা ঘটনাৰ নতুন ৰহস্য উদঘাটন । ৫০ হাজাৰ টকা চুপাৰী লৈ হত্যা কৰা হৈছিল চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক । আটক হ’ল দ্বিতীয়জন হত্যাকাৰী বিপুল বসুমতাৰী । পূৰ্বতে আটক কৰা হৈছিল পিতা-পুত্ৰ বিশ্বজিৎ পাটগিৰি আৰু আৰ্নল পাটগিৰিক । নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ঘৰৰ পদুলিমুখতে এগৰাকী চিকিৎসক তথা বিজেপি নেতাক পিস্তলেৰে গুলীয়াই হত্যা কৰিছিল । যোৱা ১৬ এপ্ৰিলৰ নিশা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰা গাঁৱত। এই লোমহৰ্ষক হত্যাকাণ্ডৰ উত্তেজনা মাৰ নৌযাওঁতেই চাপৰ আৰক্ষীয়ে পোহৰলৈ আনিছে আন এক ভয়ংকৰ তথ্য ।

চুপাৰী কিলাৰ বিপুল বসুমতাৰীৰ সহযোগত হত্যা কৰা হৈছিল হোমিঅ' চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক ।হত্যাকাণ্ডৰ লগত জড়িত স্থানীয় বিশ্বজিৎ পাটগিৰি আৰু আৰ্নল পাটগিৰি নামৰ পিতা-পুত্ৰক চাপৰ আৰক্ষীয়ে আটক কৰাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য । এই হত্যাকাণ্ডৰ লগত জড়িত আছিল চালাকাটি দলগাঁৱৰ বিপুল বসুমতাৰী । ৫০ হাজাৰ টকা চুপাৰী দিয়াৰ প্ৰলোভনৰে অনা হৈছিল বিপুলক বসুমতাৰীক । হত্যাকাণ্ডৰ প্ৰায় তিনিমাহ পূৰ্বে আৰ্নল পাটগিৰিয়ে এটা ভাড়াঘৰ লৈছিল চাপৰ নগৰত । সোমবাৰে এক সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে এই ভাড়াঘৰটোৰ পৰা হত্যাকাণ্ডত জড়িত পিস্তল, দুটা মেগজিন, চাৰি জাই সজীৱ গুলীসহ এখন খুকুৰী জব্দ কৰে ।

চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ৰ হত্যাকাণ্ডৰ নতুন ৰহস্য উদঘাটন

ABOUT THE AUTHOR

...view details