অসম

assam

ETV Bharat / state

ধুবুৰীত ড্ৰাগছ আসক্তৰ হাতত প্ৰাণ হেৰুৱালে নিৰীহ লোকে

লক ডাউন আৰু কৰণাতংকৰ মাজতে ধুবুৰীত ভয়ংকৰ ঘটনা । দিন দুপৰতেই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা হ'ল এজন লোকক । গ্ৰেপ্তাৰ হত্যাকাৰী যুৱক ।

By

Published : Aug 8, 2020, 1:16 PM IST

ধুবুৰীত ভয়ংকৰ ঘটনা
ধুবুৰীত ড্ৰাগছ আসক্তৰ হাতত প্ৰাণ হেৰুৱালে নিৰীহ লোকে

ধুবুৰী, 8 আগষ্ট : ধুবুৰী ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে সংঘটিত হ'ল লোমহৰ্ষক হত্যাকাণ্ড ৷ ড্ৰাগছ আসক্ত যুৱকৰ চুৰিকাঘাতত প্ৰাণ হেৰুৱালে এজন নিৰীহ যুৱকে । ঘটনাৰ বিৱৰণী অনুসৰি,শনিবাৰে পুৱাৰ ভাগত ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলৰ সাহিনুৰ ইছলাম নামৰ এজন লোক নিজৰ ঘৰৰ চোতালত বহি আছিল ৷ সেই সময়তেই প্ৰতিবেশী জালাল শেখ ওৰফে ভোলা নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে হঠাৎ পাচফালৰ পৰা আহি হানি খুচি হত্যা কৰে সাহিনুৰ ইছলামক ৷

ধুবুৰীত ড্ৰাগছ আসক্তৰ হাতত প্ৰাণ হেৰুৱালে নিৰীহ লোকে

এই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চলজুৰি ৰাইজৰ হুৱা-দুৱা লাগে ৷ পাচত সাহিনুৰ ইছলামক ৰক্তাক্ত অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইপিনে হত্যাকাৰী ড্ৰাগছ আসক্ত যুৱকজনক স্থানীয় ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই স্থানীয় এ এম কোঃ ৰোড আৰক্ষীক গতাই দিয়ে । কিন্তু,স্থানীয় আৰক্ষীৰ ছত্ৰছায়াতেই অঞ্চলটোত ড্ৰাগছৰ বেহা চলিছে বুলি নিহতৰ আত্মীয়ই অভিযোগ উত্থাপন কৰিছে ৷

হত্যাকাৰী

আনহাতে,একাংশৰ বিৰুদ্ধে হত্যাকাৰী ড্ৰাগছ আসক্ত যুৱকজনক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে ৷ এই ঘটনাক লৈ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক :ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details