ধুবুৰী,27ডিচেম্বৰ :দেওবাৰে পুৱা ধুবুৰীৰ গৌৰীপুৰ গেৰামাৰী অঞ্চলত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা ৷ এডোখৰ ভূমিক লৈ দুই পক্ষৰ মাজত এই ভয়ংকৰ সংঘাতৰ সৃষ্টি হয় ৷ জানিব পৰা মতে, গেৰামাৰী প্ৰথম খণ্ড গাঁৱৰ মণ্টু আলী আৰু আদম আলীৰ নামৰ দুজন লোকৰ মাজত দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক কেন্দ্ৰ কৰি সংঘাত চলি আহিছিল ৷ কিন্তু দেওবাৰে হঠাৎ মণ্টু আলী নামৰ লোকজনে বহুকেইজন যুৱকক লগত লৈ পৰিকল্পিতভাৱে অতৰ্কিতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আদম আলীৰ পৰিয়ালক ৷
এই আক্ৰমণত নিহত হয় আদম আলীৰ পুত্ৰ মন্তাজ আলী (৩৮) আৰু পুত্ৰ বোৱাৰী জেচমিনা খাতুন (২১)। তদুপৰি আদম আলী,মোহৰ ভান বিবি, নিয়াছা শেখ আৰু ছানোৱাৰ আলী সহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোককেইজনক ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷