বিলাসীপাৰাৰ উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ - পূৱ বিলাসীপাৰা
ঘটনাটো কোনো হত্যকাণ্ডৰ ঘটনা নেকি এতিয়াও স্পষ্ট কৰিব পৰা নাই আৰক্ষীয়ে ৷
![বিলাসীপাৰাৰ উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3886045-thumbnail-3x2-bilasipara-murder.jpg)
বিলাসীপাৰা, 19 জুলাই: পূৱ বিলাসীপাৰাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ ৷ স্থানীয় ৰাইজে শুকুৰবাৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ গাৰুবাটোৰ বটোৰদল অঞ্চলত এটা নলাৰ মাজত প্ৰত্যক্ষ কৰে অচিনাক্ত মৃতদেহটো ৷ ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পিচত এয়া কোনো স্থানীয় ব্যক্তিৰ মৃতদেহ নে বানত আন ঠাই পৰা উটি অহা মৃতদেহ সেয়া ৰহস্যৰ আৱৰ্তত থকাৰ লগতে ঘটনাটো কোনো হত্যাকাণ্ডৰ ঘটনা নেকি এতিয়াও স্পষ্ট কৰিব পৰা নাই আৰক্ষীয়ে ৷ মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন থকা বুলি অৱশ্যে স্পষ্ট কৰিছে আৰক্ষীৰ দলে ৷ ইপিনে আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাতলৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷