অসম

assam

ETV Bharat / state

মেৰামতিৰ অভাৱত পুখুৰীসদৃশ হ'ল ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ - ধুবুৰী

ধুবুৰীৰ মৰণফান্দ ৰূপী ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুৱাইছে যান বাহন চালকৰ লগতে সৰ্বসাধাৰণ ৰাইজক । গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখী ঘাই পথত সৃষ্টি হোৱা প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতে অঞ্চলটোত ব্যাহত কৰিছে যাতায়ত ব্যৱস্থা

মেৰামতিৰ অভাৱত পুখুৰীসদৃশ হ'ল ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ

By

Published : Jun 18, 2019, 3:31 PM IST

ধুবুৰী,18 জুনঃ গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থা ৷ বিগত প্ৰায় তিনি মাহ ধৰি বিধ্বস্ত বাট পথৰ মাজেৰেই চলিছে দুৰ্বিষহ যাতায়ত ব্যৱস্থা। এনে বিধ্বস্ত বাট পথৰ বাবে প্ৰতিদিনেই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে অঞ্চলটোত ৷

মেৰামতিৰ অভাৱত পুখুৰীসদৃশ হ'ল ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ

এই সন্দৰ্ভত ৰাইজে ধুবুৰী গড়কাপ্তানী বিভাগক অৱগত কৰাৰ পিছত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে ঘাইপথটো উন্নত কৰিব বুলি উল্লেখ কৰে ৷ কিন্তু ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰা ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠন । শীঘ্ৰেই এই গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়কঃ হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details