অসম

assam

ETV Bharat / state

MP Pabitra Margherita in Dhuburi: জনতাক আমি নৰৰূপী নাৰায়ণ ৰূপে গণ্য কৰোঁ; পবিত্ৰ মাৰ্ঘেৰিটা - MP Pabitra Margherita in Dhuburi

ধুবুৰীত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল ৷ সংবাদমেলত কেইবাটাও বিষয় উপস্থাপন কৰে সাংসদ গৰাকীয়ে (BJP Press Meet in Dhubri) ৷

BJP Press Meet in Dhubri
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল

By

Published : Jun 5, 2023, 7:21 PM IST

ধুবুৰীত বিজেপিৰ সংবাদমেল

ধুবুৰী, 5 জুন: ধুবুৰীত বিজেপিৰ সংবাদমেল ৷ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সম্বোধন কৰে এই সংবাদমেল ৷ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰে সাংসদ গৰাকীয়ে ৷ সংবাদমেলত সাংসদগৰাকীয়ে কয় যে, 20 আৰু 21 জুনত ধুবুৰীত দুটাকৈ বিশেষ অনুষ্ঠান অনুষ্ঠীত হ’ব ৷ 20 জুনত ধুবুৰীত অনুষ্ঠিত হ’ব এখন বিশেষ সভা ৷ য’ত হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে অংশগ্ৰহণ কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে 21 জুনত ধুবুৰীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব কেন্দ্ৰীয় যোগ দিৱস (MP Pabitra Margherita Press Meet in Dhubri) ৷

তেওঁ লগতে কয় যে, জনতাক আমি নৰৰূপী নাৰায়ণ ৰূপে গণ্য কৰোঁ; এইয়া ভাৰতীয় জনতা পাৰ্টীৰ সংস্কৃতি ৷ বহুতৰ বাবে জনসাধাৰণ একো একোজন ভোটাৰ, কিন্ত ভাৰতীয় জনতা পাৰ্টীৰ বাবে তেওঁলোক ইশ্বৰ সদৃশ ৷ আৰু তেখেতসকলৰ সেৱাৰ বাবেই বিগত 9টা বছৰ বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰ লগতে সমান্তৰালভাৱে ৰাজ্য চৰকাৰে যিখিনি কৰিছে সেইখিনি আমি জনসম্পৰ্কৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাম বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে (MP Pabitra Margherita Press Meet) ৷

সাংসদগৰাকীয়ে আৰু কয় যে, কভিডৰ সময়ত সমগ্ৰ মানৱ জাতি ভীতিগ্ৰস্ত হৈ থকাৰ সময়ত, আনকি বিশ্বৰ উন্নত দেশ সমূহো কভিডৰ ত্ৰাসত ত্ৰস্তমান হৈ থকাৰ সময়ত যিসকল ৰাষ্ট্ৰ নেতাই সমগ্ৰ বিশ্ববাসীক সাহস যোগাইছিল তাৰ ভিতৰত অন্যতম আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ যিকেইখন চৰকাৰে জনগণৰ সৈতে থাকি জনগণক নিৰাপত্তা প্ৰদান কৰিছিল তেনেধৰণৰ এখন চৰকাৰ হ’ল বিজেপি নেতৃত্বাধীন চৰকাৰ ৷ লগতে তেওঁ সেইদিনকেইটাত চৰকাৰে জনসাধাৰণৰ বাবে কি কৰিছিল তাক মনত পেলোৱা উচিত বুলি মন্তব্য কৰে (MP Pabitra Margherita in Dhuburi) ৷

সাংসদগৰাকীয়ে লগতে কয় যে, ভাৰতৰ নদীৰ ওপৰত থকা আটাইতকৈ দীঘল দলঙখন আছে ধুবুৰীত ৷ এইটো এটা গুৰুত্বপূৰ্ণ কথা ৷ ইয়াত কোনো সামৰিক কথা নাই যে, দলঙখন নিৰ্মাণ কৰিবই লাগিব ৷ ইয়াত কোনো বৃহৎ উদ্যোগ নাই, নাই কোনো খনি ৷ কিন্ত ইয়াত আছে মানৱ সম্পদ ৷ সেয়েহে , ভাৰতৰ নদীৰ ওপৰত থকা আটাইতকৈ দীঘল দলঙখন ধুবুৰীত নিৰ্মাণ কৰা হৈছে ৷ ৰাজ ধৰ্ম পালন কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সকলোৰে উন্নয়নৰ বাবে কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে বুলিও কয় নেতাজনে (BJP Press Meet in Dhubri) ৷

মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, শাসক-বিৰোধী, বিজেপি-কংগ্ৰেছ বুলি কোনো কথা নাই ৷ উভয়েই যি মূল্য বৃদ্ধি তাক ভোগ কৰিব লগীয়া হয় ৷ কভিডৰ পাছত যিসমূহ দেশে নিজৰ অৰ্থনীতি সবল ৰূপত ধৰি ৰাখিব পাৰিছে সেইসমূপৰ ভিতৰত ভাৰতো অন্যতম ৷ তেওঁ লগতে কয় যে, দৰিদ্ৰ লোকসকলে মৃল্যবৃদ্ধিৰ দৰে পৰিস্থিৰ মোকাবিলা কৰিবৰ বাবেই ৰাজ্য চৰকাৰে অৰোণোদয় আঁচনি কৰিছে ৷ আৰু এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবেই 1250 টকাতো 1400লৈ বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

লগতে পঢ়ক:Ripun criticizes Assam Govt: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক শোষণকাৰী আখ্যা ৰিপুণ বৰাৰ

ABOUT THE AUTHOR

...view details