অসম

assam

ETV Bharat / state

MP Pabitra Margherita in Dhuburi: হৰিজন সমাজৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ - ৰাজনৈতিক উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটা

ভাৰতীয় জনতা পাৰ্টীৰ ন্যায় সপ্তাহ উপলক্ষে ধুবুৰীৰ হৰিজন কলনীত আয়োজিত দুপৰীয়াৰ এক ৰাজহুৱা ভোজনত অংশ লয় ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita in Dhuburi)।

MP Pabitra Margherita had lunch with Harijan
হৰিজনৰ সৈতে বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

By

Published : Apr 7, 2023, 10:58 PM IST

হৰিজনৰ সৈতে বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

ধুবুৰী, 7 এপ্ৰিল:শুকুৰবাৰে বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী জিলাৰ উদ্যোগত ধুবুৰীৰ হৰিজন কলনীত আয়োজিত দুপৰীয়াৰ এক ৰাজহুৱা ভোজনত অংশ লয় ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita in Dhuburi)। অধীৰ আগ্ৰহেৰে অপেক্ষাৰত হৰিজন কলনীৰ ৰাইজে সাংসদগৰাকী উপস্থিত হোৱাৰ লগে লগে ফুলাম গামোচাৰে অভ্যৰ্থনা জনায়।

কলনীটোৰ কণ কণ শিশু আৰু পুৰুষ-মহিলাৰ সৈতে একেলগে মাটিত বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে সাংসদ মাৰ্ঘেৰিটাই (MP Pabitra Margherita had lunch with Harijan)। কলনীৰ ৰাইজে ৰন্ধা খিচিৰি আৰু লাবৰাৰ সোৱাদ লৈ আপ্লুত হৈ পৰে সাংসদগৰাকী ৷

সাংবাদিকৰ প্ৰশ্নোত্তৰত পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে সামাজিক ন্যায় সপ্তাহ (Social Justice Week) পালন কৰিছে ৷ যোৱা ৬ এপ্ৰিলৰ প্ৰতিষ্ঠা দিৱসৰ পৰা আহা ১৪ এপ্ৰিললৈ ভীমৰাও আম্বেদকাৰৰ জয়ন্তীলৈকে (Bhimrao Ambedkar Jayanti) এই ন্যায় সপ্তাহ পালন কৰা হ’ব ।

‘‘এই সাত দিন আমি সামাজিক ন্যায় সপ্তাহ হিচাপে পালন কৰিছো । সমাজৰ বিভিন্ন বৰ্গৰ ওচৰলৈ আমি গৈছো, কথা বতৰা পাতিছো । ৰাজ্যখনৰ পিছপৰা জাতি, অন্যান্য জাতি, অনুসূচীত জাতি-জনজাতিৰ কাষলৈ গৈছো। আৰ্থিক ভৱে যিসকল সংগ্ৰামী, তেওঁলোকৰ ওচৰত থিয় দিছো, তেওঁলোকৰ মনৰ কথা বুজ লৈছো ।’’ সাংসদগৰাকীয়ে কয় ৷

তেওঁ লগতে কয়, ‘‘ভাৰতীয় জনতা পাৰ্টী (Bharatiya Janata Party)এটা নিৰ্বাচন জিকাৰ যন্ত্ৰ নহয় ৷ জনহিতাৰ্থে, জনসেৱাৰ্থে, ভাৰত মাতৃৰ বাবে সমৰ্পণৰ উদ্দেশ্যেৰে গঢ় লোৱা এটা ৰাজনৈতিক শক্তি, ভাৰত মাতৃৰ বাবে উৎসৰ্গিত এক শক্তি । গতিকে আমি সেই কাৰণে নিৰ্বাচন বাদ দিও আমি জনগণৰ কাষত থাকো । লগতে হৰিজন কলনীত ভাৰতীয় জনতা পাৰ্টী এতিয়াই নহয়, জন সংঘ স্থাপন হোৱাৰ দিনৰ পৰা আমি একলগে আছোঁ ৷’’

‘‘হৰিজন কলনীলৈ অহা, হৰিজন কলনীত আমি উৎসৱ-পাৰ্বনত অংশগ্ৰহণ কৰা, অনুষ্ঠান পতা, ইয়াৰ ছাত্ৰ-ছাত্ৰী বা জ্যেষ্ঠজনৰ বিভিন্ন ক্ষেত্ৰত শিক্ষা-দীক্ষা, স্বাস্থ্যত সেৱা আগবঢ়োৱা বা একেলগে ভোজন কৰা, এইয়া নতুন কথা নহয় । আজি যে ভাত খাইছো এইটো অতি বিশেষ ঘটনা নহয় । আমি এনেকৈ খায়ে থাকো । কিন্তু আজিৰ দিনটো এই কাৰণেই গুৰুত্বপূৰ্ণ যে আমি এই সপ্তাহটো আম্বেদকাৰজীৰ নামত উৎসৰ্গা কৰিছো ।’’ সাংসদ মাৰ্ঘেৰিটাই পুনৰ কয় ৷

এই সামুহীয়া মধ্যাহ্ন ভোজন গ্ৰহণ কাৰ্যসূচীত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, জিলাখনৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপ-সভাপতি বিশ্বজিৎ দাস, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সন্ন্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, জ্যেষ্ঠ বিজেপি নেতা বিমল ওচোৱাল প্ৰমুখ্যে বিজেপি আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তাকে ধৰি হৰিজন কলনীৰ সমূহ ৰাইজে একলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক:Traditional Assamese Gamocha : পাৱাৰ লুমৰ গামোচা নিষিদ্ধকৰণৰ পাচতে দাম বৃদ্ধি থলুৱা গামোছাৰ

ABOUT THE AUTHOR

...view details