অসম

assam

ETV Bharat / state

MP Pabitra Margherita: কংগ্ৰেছৰ আচল মিত্ৰতা বোৰ্খাৰ আঁৰত থকা AIUDF ৰ লগত; পবিত্ৰ মাৰ্ঘেৰিটা - ৰাজনৈতিক ব্লুপ্ৰিন্ট ৰচনা

অজিৎ ভূঞা, লুৰীণজ্যোতিৰ দল এখন ক্লাৱ ৷ এনে চান্দাবাজী অনুষ্ঠান বা NGO এ ৰাজনৈতিকভাৱে বিজেপিক একো কৰিব নোৱাৰে ৷ ধুবুৰীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita in Dhubri) ৷

Pabitra Margherita criticized Ajit Kumar Bhuyan
ধুবুৰীত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

By

Published : Apr 29, 2023, 11:05 PM IST

ধুবুৰীত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

ধুবুৰী, 29 এপ্ৰিল :‘‘এঘাৰ/বাৰটা নালাগে, তেনেকুৱা যদি 120 চান্দাবাজী অনুষ্ঠান বা তেনেধৰণৰ NGO য়েও ৰাজনৈতিকভাৱে বিজেপিক একো কৰিব নোৱাৰে ।’’ কংগ্ৰেছৰ নেতৃত্বত কেইবাটাও আঞ্চলিক দলক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজনৈতিক ব্লুপ্ৰিন্ট ৰচনা কৰি থকাৰ সময়তে আজি অৰ্থাৎ শনিবাৰে ধুবুৰীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita criticized Ajit Kumar Bhuyan)৷

উল্লেখ্য যে, কাইলৈ (দেওবাৰ) অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এশটা খণ্ডৰ মন কি বাত অনুষ্ঠানত অংশ ল’বৰ বাবে শনিবাৰে বিয়লি ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা । কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী শিবিৰ সম্পৰ্কে কৰা সাংবাদিকৰ প্ৰশ্নোত্তৰত সাংসদ গৰাকীয়ে কয়, ‘‘অসমত ৰাজনৈতিক দল মাত্ৰ কেইটাহে’’ (Pabitra Margherita in Dhubri) ।

তেওঁ আৰু কয়, ‘‘নিৰ্বাচনত নিজৰ আমানত ধন বাজেয়াপ্ত হোৱা একাংশ নেতাৰ নেতৃত্বত গঠন হোৱা সেইবোৰ ৰাজনৈতিক দল বুলি নাভাবো । এটা NGO ক আমি কেনেকৈ ৰাজনৈতিক দল বুলি ভাবিম । NGO ক মইও শ্ৰদ্ধা কৰো । কিন্তু দহ বাৰ জন মানুহ, প্ৰেছ বিজ্ঞপ্তিত ব্যস্ততা, ড্ৰইং ৰুমত মিটিং, এনেধৰণৰ মানুহে বিজেপিতো বাদেই সমষ্টি ভিত্তিক কোনো নিৰ্দলীয় প্ৰাৰ্থীকো একো ক্ষতি কৰিব নোৱাৰে’’ ।

লগতে সাংসদ মাৰ্ঘেৰিটাই কয়, ‘‘কংগ্ৰেছৰ এনে মিত্ৰতা আগতেও হৈছে । কংগ্ৰেছৰ আচল মিত্ৰতা বোৰ্খাৰ আঁৰত থকা এ আই ইউ ডি এফৰ লগত । এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ আছে কাৰ্পেটৰ দৰে মিত্ৰতা’’ । আনপিনে লুৰীণজ্যোতিৰ ৰাজনীতি আৰু জাতীয়তাবাদীক প্ৰশ্ন উত্থাপন কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয়, ‘‘লুৰীণজ্যোতি গগৈ কোনো ফেক্টৰ নহয়’’ ৷

তেওঁ আৰু কয়, ‘‘লুৰীণজ্যোতিয়ে নিজকে জাতীয়তাবাদী বুলি কয়, কিন্তু জাতীয়তাবাদী মানুহজনে 855 গৰাকী শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত কিয় ৰাজনৈতিক ভৃত্যৰ দৰে আচৰণ কৰিছে । তেওঁলোকৰ জাতীয়তাবাদী চিন্তাধাৰা নায়েই । কেৱল আন্দোলন কৰা, চান্দা তোলা, টায়াৰ জ্বলোৱা মানসিকতাৰে এতিয়াও এটা ৰাজনৈতিক দলতো বাদেই এটা NGO গঠন কৰিব নোৱাৰি আৰু কংগ্ৰেছৰ লগত তেওঁলোকৰ যি কেইটা ক্ষুদ্ৰ ক্ষুদ্ৰ ক্লাৱ বা NGO আছে ৷ তেওঁলোক পূৰ্বেও একত্ৰিত হৈছিল আৰু বোৰ্খাৰ আঁৰত থকা এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ সমন্নীত প্ৰচেষ্টা বিগত এটা দশক ধৰি দেখি আহিছো’’ ।

সাংসদ মাৰ্ঘেৰিটাই কয়, ‘‘অজিৎ ভূঞা আৰু লুৰীণজ্যোতিৰ দৰে দল এটা ক্লাৱহে । তেনেকুৱা চান্দাজীৱী ক্লাৱক আমি কেতিয়াও ভয় নকৰো’’ । ইপিনে ৰংঘৰক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সম্পৰ্কত তেওঁ কয, ‘‘ৰংঘৰ আমাৰ প্ৰাণৰো প্ৰাণ, স্বভিমানৰ প্ৰতীক । কিন্তু ৰংঘৰক লৈ ধেমালি কোনেও ভাল নাপায় । যদি কাৰোবাৰ মনত দুখ দিছে, তেন্তে উদ্যোক্তাই সেয়া নকৰিলেই হ’ল’’ ৷ আনপিনে অংকিতা দত্তৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্যাতিত মহিলাৰ প্ৰতি সঁহাৰি আৰু তদন্ত নকৰাকৈ দলৰ পৰা বহিষ্কাৰ কৰাটো উচিত হোৱা নাই বুলি সাংসদ মাৰ্ঘেৰিটাই কয় ।

ইপিনে অংকিতা দত্তই বিজেপিলৈ যাব পাৰে বুলি ৰাজনৈতিক চৰ্চা চলি থকাৰ সময়তে অংকিতা দত্তক বিজেপিলৈ আদৰিব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত সাংসদ গৰাকীয়ে কয়, ‘‘কেৱল অংকিতা কিয় অংকিতা দত্তৰ পৰা গৌৰৱ গগৈলৈকে, ৰকিবুল হুছেইনৰ পৰা প্ৰদ্যুৎ বৰলৈকে সকলোৱে আহিব পাৰে ৷ কিন্তু তেওঁলোকৰ বাবে খুবেই কষ্ট হ’ব । কাৰণ বিজেপি দলৰ নীতি আদৰ্শ খুবেই কঠিন’’ ৷

লগতে পঢ়ক :Development of Guwahati : গুৱাহাটীৰ উন্নয়নৰ বাবে ২০০ কোটি টকা ধাৰ্য পৌৰ নিগমৰ

ABOUT THE AUTHOR

...view details