অসম

assam

ETV Bharat / state

press conference of Badruddin Ajmal:ভূপেন বৰাই সদায় মুখ্যমন্ত্ৰীৰ পৰা পইচা লৈ থাকে:আজমল - ভূপেন বৰাই সদায় মুখ্যমন্ত্ৰীৰ পৰা পইচা লৈ থাকে

প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সমালোচনা সাংসদ বদৰুদ্দিন আজমলৰ । লোকসভা নিৰ্বাচনত এ আইই ডিএফে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ চিন্তা কৰা বুলি মন্তব্য় আজমলৰ ।

Badruddin Ajmal react on UCC
সাংসদ বদৰুদ্দিন আজমল

By

Published : Jul 11, 2023, 9:33 PM IST

সাংসদ বদৰুদ্দিন আজমল

ধুবুৰী, ১১ জুলাই: ধুবুৰীত সাংসদ বদৰুদ্দিন আজমলে এক সংবাদমেলত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে । তেওঁ শাসক বিৰোধীক কটাক্ষ কৰি কয়," কোনে কাক উৎখাত কৰিব সেয়া ওপৰৱালাই জানে। ধুবুৰীৰ জনতা মোৰ সৈতে আছে আৰু মোৰ লগতেই থাকিব । এই মুহূৰ্তলৈকে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ চিন্তা কৰিছে এ আইই ডিএফে ।" ইপিনে ভূপেন বৰাই জীয়াই থকা লৈকে এআই ইউডিএফৰ সৈতে মিত্ৰতা নকৰে বুলি উল্লেখ কৰাৰ প্ৰত্যুত্তৰত আজমলে কয়," তেওঁ মৰিব নালাগে । আমাৰ কাৰণে মৰিব নালাগে, তেওঁৰ কাৰণে জীয়াই থাকক ।" এইদৰে প্ৰদেশ কংগ্ৰেছক কটাক্ষ বদৰুদ্দিন আজমলে ।

ইপিনে,মহাজোঁট সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"মহাজোঁটত এআইইউডিএফ আছে আৰু থাকিব । নীতিশ আৰু তেজস্বী যাদৱক সোধক এআইইউডিএফ মহাজোঁটত আছে নে নাই । ভূপেন বৰাই আবোল তাবোল বকে । ভূপেন বৰাৰ কথা বাদ দিয়ক । ভূপেন বৰাই সদায় মুখ্যমন্ত্ৰীৰ পৰা পইচা লৈ থাকে । ভূপেন বৰাৰ কথা কৈ সময় নষ্ট নকৰে আজমলে ।"

তেওঁ কয়," মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত এআইইউডিএফৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে । কংগ্ৰেছৰ লগত মহাজোঁট আছে । তিনিজন মানুহ আছে । বাকী এঘাৰ জন বুলি কৈছে, এইবোৰ এটা ফুটবল টিম বনাইছে । ক্ৰিকেট টিম বনাইছে । নিৰ্বাচনৰ সময়ত ভোটাৰে এটা এটা ছিক্সাৰ মাৰিব আৰু তেওঁলোক বাউণ্ডেৰীৰ বাহিৰ হৈ যাব ।" প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ১১ টাকৈ ৰাজনৈতিক দলৰ মিত্ৰতা প্ৰসংগত আজমলে কয়," কংগ্ৰেছে বোলে মহাজোঁট বনাইছে । কংগ্ৰেছে ২০০৮ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু বিজেপিয়ে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পন্ন কৰিলে । কংগ্ৰেছ বিজেপিৰ বুজাবুজিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত হৈছে । দহটা সংখ্যালঘু সমষ্টি বিলুপ্ত কৰিছে, কিন্তু কংগ্ৰেছে মাত মতা নাই । কংগ্ৰেছক মুছলমানৰ ভোট নালাগে । "

আজমলক বিজেপিয়ে ৱাক অভাৰ দিয়া বুলি কংগ্ৰেছে দাবী কৰাৰ প্ৰত্যুত্তৰত আজমলে কয়," বিজেপিয়ে ৱাক অভাৰ এনেই দিব নেকি, বুজাবুজিৰ ভিত্তিত হৈছে ।" আজমল ছুপাৰ ফৰ্টি আৰু ৰাজ্য চৰকাৰৰ শিক্ষা ব্যৱস্থাক লৈ মুকলি প্ৰত্যাহ্বান জনাই সাংসদ বদৰুদ্দিন আজমলে কয়," মুকলি পথাৰত শিক্ষামূলক যুজঁ দিয়ক চৰকাৰে, প্ৰত্যাহ্বান আজমলৰ । "

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা সন্দৰ্ভত তেওঁ কয়," এয়া নিৰ্বাচন আয়োগ নহয়, ৰাজ্য চৰকাৰে কৰিছে । মুখ্যমন্ত্ৰীৰ ঘৰত বহি কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা । মুখ্যমন্ত্ৰীৰ টেবুলত কৰা হৈছে খচৰা । হিন্দু মুছলমানৰ মাজত বিভাজনেৰে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা কৰা হৈছে ।"

ইপিনে,UCCক লৈও তীব্র সমালোচনা কৰি বদৰুদ্দিন আজমলে কয়," চৰকাৰে কাশ্মীৰৰ ৩৭০ উঠাই দিলে, তাতে কি হ'ল একো হোৱা নাই । যেনেকুৱা আছিল তাতোকৈ বেয়া হৈছে ।" আজমলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাই কয়," এক লাখ মুছলমান মহিলাক একগোট কৰি দেখুৱাওক তিনি তালাক দিয়া পায় নেকি । এক লাখৰ ভিতৰত দুই তিনিজন ওলাব পাৰে তিনি তালাক দিয়া । এটা ইছ্যু বনাব লাগে বাবেই কৰা হৈছে । " মুছলমানক নিৰ্যাতন কৰি মজা লৈছে নেকি বুলি প্ৰশ্ন কৰে আজমলে ।

ABOUT THE AUTHOR

...view details