অসম

assam

By

Published : Feb 6, 2022, 2:56 PM IST

Updated : Feb 6, 2022, 3:27 PM IST

ETV Bharat / state

ধুবুৰীত দুৰ্নীতি সন্দৰ্ভত বদৰুদ্দিন আজমলৰ সকীয়নি

দুৰ্নীতিৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল । ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়ত দিশা বৈঠকত অংশগ্ৰহণ সাংসদগৰাকীৰ (MP Badaruddin Ajmal at Disha Meeting)। বিভাগৰ সকলো বিষয়াকে দুৰ্নীতি নকৰিবলৈ সকীয়নি আজমলৰ ।

Dhubri
ধুবুৰীত দুৰ্নীতি সন্দৰ্ভত বদৰুদ্দিন আজমলৰ সকীয়নি

ধুবুৰী,৬ ফেব্ৰুৱাৰী :শেহতীয়াকৈ ধুবুৰী জিলাত বিভিন্ন বিভাগত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । ইয়াৰ পাছতে বিভাগৰ বিষয়াসকলক সকীয়নি সাংসদ বদৰুদ্দিন আজমলৰ । জিলা উপায়ুক্ত কাৰ্যায়লৰ দিশা বৈঠকত উপস্থিত হৈ বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে সাংসদগৰাকীয়ে ।

ধুবুৰীত দুৰ্নীতি সন্দৰ্ভত বদৰুদ্দিন আজমলৰ সকীয়নি

উল্লেখ্য যে, ধুবুৰী জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) গুৰুত্বপূৰ্ণ বৈঠক উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা ধুবুৰী জিলা 'দিশা'ৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত বিভিন্ন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে সাংসদগৰাকীয়ে (MP Badaruddin Ajmal at Disha Meeting) ৷ বৈঠকত স্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ, জিলা পৰিষদ, জিলা গ্ৰামোন্নয়ন অভিকৰণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, বেংক, সৰ্বশিক্ষা, মধ্যাহ্ন ভোজন, চৰ অঞ্চল উন্নয়ন, জলসিঞ্চন, মীন আদি বিভিন্ন বিভাগৰ কাম-কাজ আৰু কাৰ্যসূচীৰ পুংখানুপুংখ পৰ্যালোচনা কৰে ।

লগতে বিভাগবোৰৰ বিষয়াসকলক বিভিন্ন বিষয় সন্দৰ্ভত পোনপটীয়াকৈ প্ৰশ্ন কৰে আৰু আঁচনি ৰূপায়ণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ৷ আনকি বিভিন্ন বিভাগত সংঘটিত হোৱা দুৰ্নীতি সংক্ৰান্তত বিষয়াসকলক সকীয়নি দি দুৰ্নীতি নকৰিবলৈ আহ্বান জনায় দিশাৰ অধ্যক্ষ তথা সাংসদ আজমলে ।

উক্ত বৈঠকত বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী চৰকাৰ, ধুবুৰী জিলা পৰিষদৰ সভাপতি প্ৰমুখ্যে কেইবাজনো পঞ্চায়ত প্ৰতিনিধি, ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ন আয়ুক্ত কান্তা দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :RAJYA SABHA ELECTION 2022: কংগ্ৰেছী বিধায়কক ইনভেষ্টমেন কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে

Last Updated : Feb 6, 2022, 3:27 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details