বিলাসীপাৰা,28মে’: ৰাজ্যত পঞ্চদশ বিধানসভাৰ বিধায়ক সকলে শপত গ্ৰহণ কৰাৰ পিছতে সমষ্টিৰ উন্নয়নত নামি পৰিছে ৷ তাৰ মাজতে বৃহস্পতিবাৰে বিলাসীপাৰা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ছামছুল হুদাই প্ৰথমটো আঁচনিৰ শুভ উদ্ধোধন কৰে ৷
উল্লেখযোগ্য যে, চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত ৮ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা সমূহীয়া ভৱনটো বৃহস্পতিবাৰে বিয়লি শুভ উদ্বোধন কৰে পূব বিলাসীপাৰাৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে ৷