পশ্চিম বিলাসীপাৰা,১ মাৰ্চ: বিগত ৫ দিনে শুংসূত্ৰ নাই বিলাসীপাৰাৰ বেলতলী গাঁৱৰ নীলিমা খাতুনৰ । এটি ৫ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ নীলিমাই যোৱা ২৫ ফেব্ৰুৱাৰীত পুত্ৰক বিদ্যালয়লৈ থবলৈ বুলি পুৱা প্ৰায় ৯ বজাত ঘৰৰ পৰা ওলাই গৈছিল । বিলাসীপাৰাৰ ৯ নম্বৰ ৱাৰ্ডস্থিত এখন বিদ্যালয়ত পুত্ৰক থোৱাৰ পিছৰে পৰা সন্ধান নাই নীলিমাৰ । নীলিমা গয়জুদ্দিন শ্বেইখ আৰু কাছানি বিবিৰ কন্যা ।
বহু বিচাৰ-খোচাৰ কৰিও নীলিমাৰ সন্ধান উলিয়াব নোৱাৰি নীলিমাৰ পিতৃয়ে বিলাসীপাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । কিন্তু আৰক্ষীয়েও মহিলাগৰাকীক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই । স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছৰে পৰা বিগত এটা বছৰে নীলিমা পিতৃ গৃহতে আছিল ।