জোনাই, 29 মে’: প্ৰতি বছৰে অসমীয়া 15 জেঠ তাৰিখে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে উলহ-মালহেৰে পালন কৰি অহা ‘দবুৰ পূজা‘ এইবাৰো শুকুৰবাৰে জোনাইত পালন কৰা হয় ৷ কৰ’ণাতংকৰ মাজতে অনুষ্ঠুপীয়াকৈ জোনাইৰ পুৰণা জেলম গাঁৱৰ ৰাইজে পালন কৰে এই পৰম্পৰাগত পূজা ৷
উল্লেখ্য যে, কেইগৰাকীমান মিচিং ব্যক্তি একেলগ হৈ কৃষি পথাৰৰ মংগল কামনা আৰু পথাৰৰ শস্য বৃদ্ধিৰ কামনাৰে দবুৰ পূজা পালন কৰে ৷ মিচিং সম্প্ৰদায়ৰ লোকবিশ্বাস অনুসৰি, খেতিয়কসকলে খেতি মাটিৰ বাবে হাবি-জংঘল কাটি জুই দিওঁতে কীট পতংগ, সাপ-বেং আদি জুইত পুৰি অজানিতে হত্যা কৰে আৰু হাল বাওঁতেও হাজাৰ হাজাৰ কেঁচু-কুমটি মাটিত লেটিয়াই অজানিতে হত্যা কৰে ৷ গতিকে সেই হত্যাৰ অপৰাধত নিজকে অপৰাধী হিচাপে গণ্য কৰি মিচিং ৰাইজে মিলি প্ৰতিবছৰে পালন কৰে এই দবুৰ পূজা ৷