ধুবুৰী, 23 আগষ্টঃ ধুবুৰীত মানৱ সমাজক লজ্জানত কৰা ঘটনা ৷ আঠ বছৰীয়া কণমানিক ধৰ্ষণ কৰে সম্পৰ্কীয় মোমায়েকে ৷ ধুবুৰী আৰু কোকৰাঝাৰৰ সীমান্ত অঞ্চল থুৰীয়াৰ পাহাৰত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই জঘন্য কাণ্ড ৷ ধুবুৰীৰ গৌৰীপুৰৰ বৰুৱাৰ ভিটা অঞ্চলৰ ছামিনুৰ হক নামৰ ব্যক্তিগৰাকীয়ে বিস্কুটৰ প্ৰলোভনেৰে জংঘললৈ মাতি নি ধৰ্ষণ কৰে নাবালিকা গৰাকীক ৷ জংঘলৰ পৰা কান্দি কান্দি ওলাই অহা সময়তে স্থানীয় একাংশই প্ৰত্যক্ষ কৰে নাবালিকা গৰাকীক ৷ তাৰ পাচতে অভিযুক্ত ধৰ্ষণকাৰীক ৰাইজে কৰায়ত্ত কৰি উত্তম-মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ৷ আনহাতে, ভুক্তভোগী নাবালিকা গৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
ধুবুৰীত মোমায়েকৰ কামনাৰ বলি নাবালিকা
ধুবুৰীৰ গৌৰীপুৰৰ বৰুৱাৰ ভিটা অঞ্চলৰ ছামিনুৰ হক নামৰ ব্যক্তিগৰাকীয়ে বিস্কুটৰ প্ৰলোভনেৰে জংঘললৈ মাতি নি ধৰ্ষণ কৰে নাবালিকা গৰাকীক ৷ জংঘলৰ পৰা কান্দি কান্দি ওলাই অহা সময়তে স্থানীয় একাংশই প্ৰত্যক্ষ কৰে নাবালিকা গৰাকীক
ধুবুৰীত মোমায়েকৰ কামনাৰ বলি নাবালিকা
আনহাতে, কাজিগাঁও আৰক্ষীয়ে অভিযুক্ত ছামিনুৰ হকৰ ওপৰত জেৰা অব্যাহত ৰাখিছে যদিও কোনো তথ্য প্ৰকাশ কৰা নাই ৷ অভিযুক্ত ছামিনুৰ হকক ফাঁচীৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে ৷