ধুবুৰী, 16 মে’:আৰক্ষীৰ চকুত ধূলি মাৰি ৰাজ্যত গোপনে অব্যাহত আছে নাৰীদেহৰ ব্যৱসায় ৷ এগৰাকী নাবালিকাক নাৰীদেহ ব্যৱসায়ী চক্ৰই বহিঃৰাজ্যত বিক্ৰী(Minor girl from dhubri sold in outer state) কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গৌৰীপুৰৰ দলসিঙেৰ আলগাত ৷ প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী কৰা হ’ল নাবালিকাগৰাকীক ৷
ঘটনাৰ বিৱৰণী অনুসৰি, গৌৰীপুৰৰ দলসিঙেৰ আলগা গাঁৱৰ এগৰাকী ব্যক্তিৰ কন্যাই অধ্যয়ন কৰে নৱম শ্ৰেণীত ৷ এই নাবালিকাগৰাকীক প্ৰথমে অপহৰণ কৰি ফকিৰগঞ্জ থানাৰ অন্তৰ্গত চিৰাখোৱা গাঁৱৰ বাসিন্দা শ্বাহজাহান শ্বেখৰ পুত্ৰ ওমৰ শ্বেখ, আবুল শ্বেখ আৰু নৌচাদ শ্বেখৰ পুত্ৰ ৰমজান শ্বেখে বিয়াৰ প্ৰলোভনেৰে ধৰ্ষণকাৰ্য সংঘটিত কৰে ৷
পৰৱৰ্তী সময়ত তিনিওজন লোকে নাবালিকাগৰাকীক বিক্ৰী কৰে এজন হিন্দু ধৰ্মাৱলম্বী ব্যক্তিৰ ওচৰত ৷ উক্ত ব্যক্তিগৰাকীয়ে নাবালিকা গৰাকীক বিয়া পাতি চলাবলৈ আৰম্ভ কৰে শাৰিৰীক-মানসিক অত্যাচাৰ ৷ এই অত্যাচাৰৰ কথা সদৰি কৰিছে খোদ ভুক্তভোগীয়ে ৷