ধুবুৰী, 31 জুলাই: ৰাজ্যৰ পেঞ্চনাৰসকলক সকাহ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতত লোৱা এক অভিলাষী তথা সুদূৰ প্ৰসাৰী আঁচনি হৈছে পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন (Pension Service Centers in Assam) । ৰাজ্য চৰকাৰৰ কৃতজ্ঞতা আঁচনিৰ অধীনত চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট লাঘব কৰাৰ উদ্দেশ্যৰে শুকুৰবাৰে ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয় (Pension Service Center by Govt)।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Pension service center in Dhubri) ৷ শনিবাৰে মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ধুবুৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদত স্থাপন কৰা পেঞ্চন সেৱা কেন্দ্ৰটো ৷ কৰ্মচাৰীসকলে অৱসৰৰ পূৰ্বেই কৃতজ্ঞতা প'ৰ্টেলৰ জৰিয়তে পেঞ্চনৰ বাবে আবেদন কৰি অৱসৰৰ দিনাই পেঞ্চন লাভত সহায়ৰ বাবে এই ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷