অসম

assam

ETV Bharat / state

দুৰ্নীতিৰ মানসিকতা থকা বিষয়াই স্বেচ্ছাই অৱসৰ লওক: মন্ত্ৰী ৰণজিৎ দাস - ৰণজিৎ কুমাৰ দাস

মন্ত্ৰী ৰণজিৎ দাস (Ranjit Das) ধুবুৰীত উপস্থিত হৈ শনিবাৰে আৱৰ্ত ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰে ৷ উক্ত সংবাদমেলত পূৰ্বৰ চৰকাৰী সকলো নীতি সলনি কৰাৰ লগতে দুৰ্নীতিৰ মানসিকতা থকা বিষয়াসকলে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিব পাৰে বুলি কয় ৷

ranjit das press meet
ধুবুৰীত মন্ত্ৰী ৰঞ্জিত দাসৰ সংবাদমেল

By

Published : Jun 12, 2021, 1:38 PM IST

Updated : Jun 12, 2021, 2:00 PM IST

ধুবুৰী, 12 জুন : দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস (Ranjit Das)। অসম চৰকাৰ (Government of Assam)ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjit Das) শুকুৰবাৰে ধুবুৰীত উপস্থিত হয় ।

শনিবাৰে পুৱা প্ৰায় দহমান বজাত ধুবুৰীৰ আৱৰ্ত ভৱনত মন্ত্ৰী গৰাকীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে । উক্ত সংবাদমেলত গৰুৰ চোৰাং ব্যৱসায়ৰ লগতে আন সকলো অবৈধ কাৰ্য বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি কৈ ধুবুৰীৰ বিভিন্ন বিভাগত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহা বুলিও মন্ত্ৰী গৰাকীয়ে সদৰী কৰে । তেনেস্থলত পূৰ্বৰ সকলো নীতি সলনি কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ধুবুৰীত মন্ত্ৰী ৰণজিৎ দাসৰ সংবাদমেল

আনহাতে, দুৰ্নীতিৰ ক্ষেত্ৰত বিভাগীয় বিষয়াসকলে একো ল’ব নালাগে বুলি কোৱাৰ লগতে যদি তেনে মানসিকতাৰ কোনো বিষয়াৰ আছে তেন্তে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ৷ নহ’লে অনাগত দিনত বিপদ আহিব পাৰে বুলি এক প্ৰকাৰ সকীয়নি প্ৰদান কৰে মন্ত্ৰী দাসে (Ranjit Das)।

ইপিনে ভাৰত-বাংলা (India-Bangla border) সীমান্তৰ গৰুৰ চোৰাং কাৰবাৰৰ লগতে আন সকলো অবৈধ কাৰ্য বন্ধ কৰাৰ ক্ষেত্ৰত ধুবুৰী আৰক্ষীৰ সৈতে আলোচনা কৰা বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ সৈতে আলোচনা কৰিছে বুলি সংবাদমেলত সদৰী কৰে ।


লগতে পঢ়ক : প্ৰদ্যুৎ বৰদলৈ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি

Last Updated : Jun 12, 2021, 2:00 PM IST

ABOUT THE AUTHOR

...view details