ধুবুৰী, 22 জুন: "অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ (Flood in Assam) বাবে আমি নিজে দোষী । শাসন ব্যৱস্থা দোষী । অসমৰ বান সমস্যা কেৱল ৰাষ্ট্ৰীয় সমস্যা হিচাপে নামাকৰণ কৰিলেই সমস্যা সমাধান নহয় ৷" বুধবাৰে ধুবুৰীৰ বিভিন্ন বানপীড়িত অঞ্চল (Flood in Dhubri) পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjeet Kumar Dass visited flood affected area of Dhubri) ৷
মঙলবাৰে সন্ধিয়া ধুবুৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰধান সচিব তথা ধুবুৰী জিলাৰ অভিভাৱক সচিব ডাঃ জে বি এক্কাৰ সৈতে বুধবাৰে ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰে ৷
জিলা উপায়ুক্ত অন্বামুথন এম পি, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰকল্প বিষয়া মফেৰজুল সৰকাৰে মন্ত্ৰীগৰাকীক ধুবুৰীৰ সাম্প্ৰতিক বান পৰিস্থিতি, বানৰ মোকাবিলা কৰাৰ বাবে লোৱা পদক্ষেপ, সাহাৰ্য শিবিৰ আৰু সাহাৰ্য বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুতকৰণ সম্পৰ্কত সবিশেষ তথ্যসহ এই সভাতে অৱগত কৰে ৷