অসম

assam

By

Published : Feb 9, 2021, 9:30 PM IST

Updated : Feb 10, 2021, 9:28 AM IST

ETV Bharat / state

অংগনবাদী কৰ্মীক লৈ অসহায় স্বীকাৰোক্তি মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

বিগত পাঁচ বছৰত শুই পাৰ কৰিলে অসম চৰকাৰৰ এটা বিভাগে । পাঁচ বছৰত এটা প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে বিভাগীয় মন্ত্ৰীক। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ অসহায় স্বীকাৰোক্তিয়ে যেন উদঙাইছে চৰকাৰৰ ফোঁপোলা স্বৰূপ ৷

minister pramila rani brahma
মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম

ধুবুৰী,9 ফেব্ৰুৱাৰী: ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগত মঙলবাৰে সদৌ ধুবুৰী জিলা অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম ৷ অনুষ্ঠানত উপস্থিত থাকি কিছু অসহায় স্বীকাৰোক্তি প্ৰদান কৰিছে মন্ত্ৰী প্ৰমিলাই ৷

বিভাগটোত থাকিও কাম কৰিবলৈ সুবিধা পোৱা নাই মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, ভিজিলেন্সৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ কলম নচলা হৈছে । লগতে তেওঁ অংগনবাদী কৰ্মী-সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিব নোৱাৰাৰ দুখ প্ৰকাশ কৰে ৷ অংগনবাদী কৰ্মী-সহায়িকাসকলক উদ্দেশ্যি তেওঁ কয় যে, চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ মাজত দুমাহো নাই ৷ এইখিনি সময়ত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব নোৱাৰিলেও দুটা মাহত পূৰণ কৰাতো অসম্ভৱ ।

মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম

আনহাতে, সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, অংগনবাদী কৰ্মী-সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ বাবে দেশৰ অন্যান্য ৰাজ্যসমূহত কিদৰে দাবীসমূহ পূৰণ কৰা হৈছে, সেইক্ষেত্ৰত অনুসন্ধান কৰি মন্ত্ৰীগৰাকীক এখন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও আজিলৈকে সেই প্ৰতিবেদন মন্ত্ৰী গৰাকীৰ হাতলৈ নাহিল ৷ প্ৰতিবেদন দাখিল হোৱাৰ পাচত কেবিনেটত উপস্থাপন কৰি অনুমোদন লাভ কৰিলেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব পৰা যাব আৰু তেওঁৰ কাৰ্যকালত দাবী পূৰণ কৰিব পাৰিলে ভাল লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী প্ৰমিলাই ।

লগতে পঢ়ক :বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ দলৰ পৰা নিলম্বিত প্ৰকাশ বৰুৱা

Last Updated : Feb 10, 2021, 9:28 AM IST

ABOUT THE AUTHOR

...view details