অসম

assam

ETV Bharat / state

নৱ শৰণীয়াৰ নতুন ৰাজনৈতিক চমক "গণ সুৰক্ষা পাৰ্টি"!

নৱ কুমাৰ শৰণীয়াই দল গঠন কৰিলে ৰাজনৈতিক প্ৰভাৱ নপৰা নহয় বুলি মন্তব্য কৰাৰ লগতে ৰাইজে ভোট দি নৱ কুমাৰ শৰণীয়াক নিৰ্বাচিত কৰিছে আৰু আমাৰ সজাগতা নথকাৰ বাবেই আমি পৰাজিত হৈছো বুলি মন্তব্য কৰে প্ৰমিলাৰাণী ব্ৰহ্মই

নৱ শৰণীয়াৰ ৰাজনৈতিক নতুন চমক "গণ সুৰক্ষা পাৰ্টি"!

By

Published : Sep 23, 2019, 5:19 PM IST

ধুবুৰী, 23 চেপ্তেম্বৰঃ ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ ৰাজনৈতিক নতুন চমক । বিধান সভা নিৰ্বাচনলৈ প্ৰায় ডেৰ বছৰ বাকী থকা সময়তে সাংসদ নৱ কুমাৰ শৰণীয়াই "গণ সুৰক্ষা পাৰ্টি" নামৰ নতুন ৰাজনৈতিক দল গঠন কৰি বি টি এ ডিত এক নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰিব বিচাৰিছে । এই মন্তব্য বিপিএফ নেত্ৰী তথা সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ ৷ সোমবাৰে ধুবুৰীৰ আগমণিত পোষণ মাহ পালনৰ এক কাৰ্য্যসূচীত ভাগ লৈ ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈ এনেদৰে কয় মন্ত্ৰী গৰাকীয়ে । লগতে বিটিএডি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ ক্ষতি হ'ব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে বুলি মন্তব্য কৰে প্ৰমিলাৰাণী ব্ৰহ্মই ৷

তাৰোপৰি নৱ কুমাৰ শৰণীয়াই দল গঠন কৰিলে ৰাজনৈতিক প্ৰভাৱ নপৰা নহয় বুলি কোৱাৰ উপৰিও ৰাইজে ভোট দি নৱ কুমাৰ শৰণীয়াক নিৰ্বাচিত কৰিছে আৰু আমাৰ সজাগতা নথকাৰ বাবেই আমি পৰাজিত হৈছো বুলি মন্তব্য কৰে প্ৰমিলাৰাণী ব্ৰহ্মই ।

বিগত লোকসভা নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছিল বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰাৰ বিপৰীতে নিজ দলৰ ভিতৰতে বিসম্বাদ তথা অপপ্ৰচাৰ চলোৱা হৈছিল বাবেই পৰাজিত হৈছিল বুলি উল্লেখ কৰে । এতিয়া ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বি পি এফে কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

নৱ শৰণীয়াৰ ৰাজনৈতিক নতুন চমক "গণ সুৰক্ষা পাৰ্টি"!

ABOUT THE AUTHOR

...view details