গোলকগঞ্জ, 18 মে' : ধুবুৰী জিলাৰ গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত সোমবাৰে উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা ৷ বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা লোক সকলৰ পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী ৷
অসম-বংগ সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ললে পিযুষ হাজৰিকাই মন্ত্ৰী গৰাকীয়ে পৰিস্থিতিৰ বুজ লৈ পশ্চিমবংগৰ পৰা এখন ট্ৰাকত আশীজনকৈ লোক অসমলৈ প্ৰেৰণ কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰে । অসম-বংগ সীমান্তত উপস্থিত হোৱা লোক সকলৰ মাজত সামাজিক দুৰত্বৰ পালন হোৱা নাই বুলিও মন্তব্য প্ৰকাশ কৰি ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
অসম-বংগ সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ললে পিযুষ হাজৰিকাই তদুপৰি জিলাখনৰ আৰক্ষী অধীক্ষক যুৱৰাজ সিং আৰু জিলা উপায়ুক্ত অনন্ত লাল জ্ঞায়ানীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে ।
অসম-বংগ সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ললে পিযুষ হাজৰিকাই অৱশ্যে ধুবুৰী জিলাত চাৰি হেজাৰ লোকক কোৱাৰাইন্টাইন ৰখা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে সোমবাৰে ৫৩১ গৰাকী লোকক কোৱাৰান্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ‘ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক : অৰ্থনৈতিক পেকেজ সম্পৰ্কে মন্ত্ৰী গোটৰ বৈঠক