অসম

assam

By

Published : Dec 5, 2020, 8:29 PM IST

ETV Bharat / state

ধুবুৰীত দুটাকৈ অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

ধুবুৰীত দুটাকৈ অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । বিন্নাচৰা অঞ্চলত পথ আৰু বান্ধ নিৰ্মাণৰ বাবেও চৰকাৰে ধুবুৰী জল সম্পদ সংমণ্ডলৰ দ্বাৰা ৰাজ্যিক দুৰ্যোগ প্ৰসমন পুঁজিৰ শিতানত মুঠ ৫ কোটি ৮০ লাখ টকা আৱণ্টণ দিছিল । শনিবাৰে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকৰ উপস্থিতিত অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে দুয়োটা আঁচনিৰ শুভাৰম্ভণি কৰে ।

ধুবুৰীত দুটাকৈ অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে
ধুবুৰীত দুটাকৈ অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

ধুবুৰী, 5 ডিচেম্বৰ:শনিবাৰে ধুবুৰীত দুটাকৈ অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । উল্লেখ্য যে, বিগত দিনবোৰত হৈ যোৱা বানৰ ফলত ধুবুৰীৰ পৰা পাটামাৰী আৰু বিন্নাচৰালৈ যোৱা বাট-পথ বিধ্বস্ত হৈ পৰিছে । ফলত ধুবুৰীৰ সীমান্তৱৰ্তী ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে । সীমান্ত অঞ্চলৰ ৰাইজৰ দীর্ঘদিনীয়া দাবীৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰে ধুবুৰীৰ বিধায়ক নজৰুল হকে । ফলত ৰাজ্য চৰকাৰে ধুবুৰীৰ পৰা পাটামাৰীলৈ যোৱা হাউৰাৰ পাৰৰ পৰা ছিলঘাগৰীলৈকে পথ আৰু বান্ধ নিৰ্মাণৰ বাবে ধুবুৰী জল সম্পদ সংমণ্ডলৰ দ্বাৰা ৰাজ্যিক দুৰ্যোগ প্ৰসমণ পুঁজিৰ শিতানত ২ কোটি ৯০ লাখ টকা আৱণ্টণ দিয়ে ।

ধুবুৰীত দুটাকৈ অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

আনহাতে বানৰ সমান্তৰালকৈ গংগাধৰ নৈৰ প্ৰবল গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা বিন্নাচৰাৰ সীমান্তৱৰ্তী অঞ্চল সমূহৰ বাট পথ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে যোৱা কেইটা বছৰে । বিন্নাচৰা অঞ্চলত পথ আৰু বান্ধ নিৰ্মাণৰ বাবেও চৰকাৰে ধুবুৰী জল সম্পদ সংমণ্ডলৰ দ্বাৰা ৰাজ্যিক দুৰ্যোগ প্ৰসমন পুঁজিৰ শিতানত মুঠ ৫ কোটি ৮০ লাখ টকা আৱণ্টণ দিয়ে । শনিবাৰে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকৰ উপস্থিতিত অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে দুয়োটা আঁচনিৰ শুভাৰম্ভণি কৰে । সীমান্তৱৰ্তী ৰাইজৰ দীর্ঘদিনীয়া দাবীৰ প্ৰতি স্থানীয় বিধায়কৰ লগতে চৰকাৰেও গুৰুত্ব প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ কৰে ৰাইজে । ৰাইজক খহনীয়াৰ ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰি খহনীয়া প্ৰতিৰোধৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে । শীঘ্ৰেই ব্ৰহ্মপুত্ৰ আৰু গংগাধৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায় ৰাইজে ।

লগতে পঢ়ক:আগন্তুক ৫ বছৰত অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব কেওটসকলে

ABOUT THE AUTHOR

...view details