পূৱ বিলাসীপাৰা, 6 ছেপ্তেম্বৰ:পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ ৰঙামাটি গাঁও পঞ্চায়তত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে । চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত 12 লাখ টকীয়া পঞ্চায়ত গৃহ এটাৰ শুভ উদ্বোধন কৰিবলৈ উপস্থিত হয় মন্ত্ৰীগৰাকী । 12 লাখ টকীয়া গৃহটো চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মিত কৰা হৈছে ।
এই অনুষ্ঠানতেই মন্ত্ৰীগৰাকীয়ে PMAY আঁচনিৰ অধীনত আধাৰ কাৰ্ড লিংকৰ সময়সীমা 31 আগষ্টৰ পৰা 31 অক্টোবৰলৈ বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰক আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে । লগতে আইদেউ সন্দিকৈ,কনকলতা মহিলা সৱলীকৰণ আঁচনি,আত্ম-সহায়ক গোটলৈ আৰ্থিক সাহাৰ্য্যকে ধৰি বিভিন্ন আঁচনিৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে ৷