ধুবুৰী, 20 আগষ্ট: ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ (Arunodaya month Started in Assam)। এই বছৰৰ প্ৰলয়ংকৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ পোনপটীয়া ক্ষতিপূৰণ হস্তান্তৰৰ জৰিয়তে পুনৰ্বাসন অনুদান পুঁজি বিতৰণৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে ৷
উল্লেখ্য যে, ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা অৰুণোদয় মাহৰ অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে (Ashok Singhal inaugurated Arunodaya Month)। বান তথা খহনীয়াত ক্ষতিগ্ৰস্ত পাঁচজনকৈ হিতাধিকাৰীৰ মাজত ডেম' চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে (Minister Ashok Singhal distributed flood relief in Dhubri District Library Hall) ৷ লগতে এই অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰে প্ৰথমৰে পৰা প্ৰশাসনিক সংস্কাৰৰ যি বিপ্লৱ আৰম্ভ কৰিছিল তাৰ ফল আপোনালোকে পাবলৈ লৈছে ৷ ইমান ক্ষীপ্ৰতাৰে আৰু নিকাকৈ বানাক্ৰান্তক চৰকাৰী অনুদান দিয়াৰ ঘটনা অসমৰ ইতিহাসত এয়াই প্ৰথম ৷
অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা মহিলাসকলক লাভাম্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আজিৰে পৰা এমাহ ধৰি হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষা চলাব । সমীক্ষাকাৰী দলে নিকাভাৱে হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসংগিক তথ্যসমূহ অন্তৰ্ভুক্ত হৈছে নে নাই তাৰ পৰীক্ষা কৰিব । ধুবুৰী জিলাত ২২১ টা সমীক্ষাকাৰী দলত মুঠ ৪৫৯ গৰাকী সদস্যই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সমীক্ষা চলাব ৷ লগতে ১৪২ গৰাকী ছুপাৰভাইজৰ থাকিব ৷ পৰিদৰ্শনকাৰী দলে অৰুণোদয় হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষাৰ যোগে তথ্য সংগ্ৰহ কৰি ম'বাইল এপ্লিকেশ্যনত লিপিবদ্ধ কৰিব ৷ স্বচ্ছ আৰু নিকাভাৱে সকলো হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসাংগিক তথ্য অন্তৰ্ভুক্ত কৰা হ'ব ৷