ধুবুৰী,13 মে’:ৰাজ্যত সময়ে সময়ে মধ্যাহ্ন ভোজনৰ নামত দুৰ্নীতি সংঘটিতৰ অভিযোগ উত্থাপন হোৱা দেখা যায় ৷ এইবাৰ এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৷ জিলাখনৰ খোপাতিয়া পাব্লিক হাইস্কুলত মধ্যাহ্ন ভোজনৰ অধীনত পচা চাউল বিতৰণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি ৷ অভিযোগ অনুসৰি, চলিত বছৰৰ জানুৱাৰী মাহত মাত্ৰ 15 দিন ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ আহাৰ প্ৰদান কৰি বাকীখিনি চাউল বিদ্য়ালয়ৰ এটা কোঠাত জমা কৰি ৰাখে প্ৰধান শিক্ষক শ্বাহজামাল শ্বেখে ৷
উল্লেখ্য যে,কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ঘৰতে আবদ্ধ থাকিবলৈ নিৰ্দেশ দিছিল চৰকাৰে ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ নামত অহা মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন ঘৰে ঘৰে দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল চৰকাৰে ৷ চৰকাৰৰ এই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই লক্ ডাউন অমান্য কৰি খোপাতীয়া পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক শ্বাহজামাল শ্বেখে মইমতালি চলাই যোৱা বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে ৷ প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ মাতি পোকে ধৰা পাঁচ কেজি চাউল আৰু নগদ দুশ টকা বিতৰণ কৰে ৷ বিদ্যালয়খনত কোনো ধৰণৰ সামাজিক দূৰত্ব পালন নকৰাকৈ আৰু মাস্ক পৰিধান নকৰাকৈ চাউল বিতৰণ কৰে শিক্ষকজনে ৷