অসম

assam

কৃষি আইন বাতিলৰ দাবীত ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Dec 30, 2020, 10:59 PM IST

ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিত যুৱ কংগ্ৰেছে বিশাল জোঁৰ সমদল বাহিৰ কৰে । কৃষি আইন বাতিলৰ দাবীত যুৱ কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Massive protest in Dhubri
কৃষি আইন বাতিলৰ দাবীত ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰী, 30 ডিচেম্বৰ :কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইনৰ বিৰোধীতাৰে বুধবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিত যুৱ কংগ্ৰেছে বিশাল জোঁৰ সমদল বাহিৰ কৰে । গোলকগঞ্জৰ আগমনিত যুৱ কংগ্ৰেছৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ।

কৃষি আইন বাতিলৰ দাবীত ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে নতুনকৈ বলবৎ কৰা কৃষক বিৰোধী তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী জোঁৰ সমদল উলিওৱা হয় । ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু গোলকগঞ্জ বিধানসভা যুৱ কংগ্ৰেছৰ সহযোগত এই প্ৰতিবাদী সমদল উলিওৱা হয় ।

কৃষি আইন বাতিলৰ দাবীত ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী, ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইন মণ্ডল, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি চাহাজাহান আলীকে ধৰি বিভিন্ন পৰ্যায়ৰ বহু নেতাৰ লগতে শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি হাতে হাতে প্লেকাৰ্ড, জোঁৰ লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : 2020 বৰ্ষত অসমৰ ৰাজনীতিৰ উল্লেখনীয় ঘটনাক্ৰম

ABOUT THE AUTHOR

...view details