অসম

assam

By

Published : Jul 16, 2020, 1:53 PM IST

ETV Bharat / state

বান পৰিস্থিতিয়ে জুৰুলা কৰিছে চাপৰৰ বানাক্ৰান্তক

চম্পাৱতী আৰু মহাবাহুৰ বৰ্ধিত জলপৃষ্ঠই পূৱ বিলাসীপাৰাৰ বৃহত্তৰ চাপৰ অঞ্চলত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ৷ কিন্তু এই পৰ্যন্ত বানাক্ৰান্ত লোকে চৰকাৰৰ পৰা নাপালে কোনো উচিত ব্যৱস্থা ৷

বান পৰিস্থিতি
বান পৰিস্থিতি

বিলাসীপাৰা, 16 জুলাই: লঘোণে ভোকে দিন কটাইছে পূৱ বিলাসীপাৰাৰ চাপৰৰ শতাধিক বানাক্ৰান্তই ৷ কিয়নো এই পৰ্যন্ত তেওঁলোকৰ কাষলৈ গৈ পোৱা নাই চৰকাৰৰ কোনো বান সাহায্য ৷ মহামাৰী কৰ'ণাৰ বিভীষিকা অব্যাহত থকাৰ সময়তে, ৰাজ্যত ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে সাম্প্ৰতিক বান পৰিস্থিতিয়ে ৷ চাপৰতো চম্পাৱতী আৰু মহাবাহুৰ বৰ্ধিত জলপৃষ্ঠই সৃষ্টি কৰিছে এক দুৰ্দশাময় পৰিস্থিতিৰ ৷ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতিপোতা, ধীৰেৰ চৰ, তাৰাংগপুৰ, পুঠিমাৰী আদি বিস্তীৰ্ণ অঞ্চল এতিয়া সম্পূৰ্ণ জলমগ্ন ৷ ফলত বিশুদ্ধ খোৱাপানীকে আদি কৰি খাদ্য, আশ্ৰয়স্থলৰ সংকটত ভুগিছে বানাক্ৰান্ত ৰাইজ ৷ মৃত্যুমুখত পৰিছে পশুধন ৷ কিন্তু ইমানৰ পিচতো এই পৰ্যন্ত সেইসমূহ স্থানলৈ গৈ বানাক্ৰান্তৰ খবৰ নোলোৱাত এতিয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৷

বান পৰিস্থিতিয়ে জুৰুলা কৰিছে চাপৰৰ বানাক্ৰান্তক

বৃহস্পতিবাৰে বৃহত্তৰ অঞ্চলটোৰ বানাক্ৰান্ত লোকৰ মাজত সাহায্য বিতৰণৰ বাবে উপস্থিত হয় চাপৰ-শালকোচা ব্লক কংগ্ৰেছৰ একাংশ কৰ্মকৰ্তা ৷ তাৰ পাচতেই অঞ্চলটোত পৰিলক্ষিত হয় এক অভাৱনীয় পৰিস্থিতিৰ ৷ কিয়নো বান সাহায্য নিবলৈ অহা লোকৰ ওচৰত নাছিল যাতায়াতৰ কোনো সুচল ব্যৱস্থা ৷ যাৰ বাবে কোনোৱে যদি মাছৰ কাৰ্টুনত উঠি, কোনোৱে আকৌ গাড়ীৰ টিউবত উঠি বিপদসংকুল অৱস্থাত সাহায্য গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ অভিযোগ অনুসৰি , বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে এই পৰ্যন্ত সেই অঞ্চলত এখন নাৱৰো ব্যৱস্থা কৰা নাই ৷ কৰা নাই এমুঠি চাউলৰ ব্যৱস্থাও ৷ বানাক্ৰান্ত সকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে ৷ লগতে এবাৰলৈয়ো স্থানীয় জন প্ৰতিনিধিয়ে সেই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন নকৰাৰো অভিযোগ উত্থাপন হৈছে ৷ ৰাইজৰ আহ্বান, চৰকাৰে অতি শীঘ্ৰেই যেন দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক:ভূটানত নিৰ্মাণৰত জলবিদ্যুৎ প্ৰকল্প অভিশাপ হ'ব পাৰে নামনি অসমলৈ

ABOUT THE AUTHOR

...view details