ধুবুৰী, ৩০ জানুৱাৰী: বিধ্বংসী জুইত জাহ গ'ল অসম-মেঘালয় সীমান্তৰ ৰাজাবালা বজাৰৰ তিনিখন দোকান । শনিবাৰে সংঘটিত হোৱা এই অগ্নিকাণ্ডত দোকানকেইখনৰ সকলো সামগ্ৰী জ্বলি ছাৰখাৰ হয় ।
ভস্মীভূত হোৱা ঔষধৰ দোকান, কাপোৰৰ দোকান আৰু ষ্টেচনেৰী দোকানৰ প্ৰায় ৪০ লাখ টকাৰ সামগ্ৰী জুইত জাহ যায় । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।