অসম

assam

ETV Bharat / state

অগ্নিকাণ্ডত বিলীন ধুবুৰী-গোৱালপাৰা জিলা সীমান্তৱৰ্তী চিঙ্গুলিপাৰা গাঁও - ধুবুৰী-গোৱালপাৰা জিলা সীমান্তৱৰ্তী চিঙ্গুলিপাৰা গাওঁ

ধুবুৰী-গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী চিঙ্গুলিপাৰা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড

চিঙ্গুলিপাৰা গাঁও
চিঙ্গুলিপাৰা গাঁও

By

Published : Apr 7, 2020, 11:19 AM IST

পূৱ বিলাসীপাৰা, ৭ এপ্ৰিল:মহামাৰীৰ আতংকৰ মাজতে সোমবাৰে নিশা জ্বলি ছাই হ'ল ধুবুৰী-গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী চিঙ্গুলিপাৰা নামৰ এখন গাঁও ৷ মাজনিশা কোনোবা এটা পৰিয়ালৰ ৰান্ধনী ঘৰৰ পৰা উদ্ভৱ হোৱা জুইৰ লেলিহান শিখাই নিমিষতে ছানি ধৰে সমগ্ৰ গাঁওখন ৷ ফলত গাঁওখনৰ প্ৰায় শতাধিক ঘৰ ভষ্মিভূত হয় ৷ জুইত জাহ যায় 39 টা পৰিয়ালৰ ঘৰৰ লগতে পৰিয়াল কেইটাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ, ধান, মৰাপাট, মাটি মাহকে ধৰি বিভিন্ন কৃষিজাত সামগ্ৰী সহ প্ৰায় এক কোটি টকাৰ সা-সম্পত্তি । নিশাই চাপৰ আৰু বিলাসীপাৰাৰ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও ইতিমধ্যে 39 টা ঘৰ অগ্নিত জাহ যায় । অৱশ্যে অগ্নিকাণ্ডৰ ফলত মানুহৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও অগ্নিদগ্ধ হৈ মৃত্যু হয় অলেখ পশুধনৰ ।

চিঙ্গুলিপাৰা গাঁও

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details