পশ্চিম বিলাসীপাৰা, 6 জানুৱাৰী : সোমবাৰে বিলাসীপাৰাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ বিলাসীপাৰাৰ কাঠালদি 3য় খণ্ডত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ কাঠালদি গাঁৱৰ আবুবক্কৰ মণ্ডলৰ ৰান্ধনি ঘৰৰ পৰা জুইৰ সূত্ৰপাত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ অগ্নিকাণ্ডত আবুবক্কৰ মণ্ডল, হানিফ আলী মণ্ডল আৰু আব্দুল হামিদ মণ্ডলৰ দহটা ঘৰ ভষ্মীভূত হয় ৷ অগ্নিকাণ্ডত পশু ধন, ধান-মৰাপাটকে ধৰি বিভিন্ন নথি-পত্ৰ জুইত জাহ যায় ৷ অগ্নিকাণ্ডটোত আনুমানিক দহ লক্ষাধিক টকাৰ ক্ষতিসাধন হয় । পিছলৈ ঘটনাস্থলীত ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷
বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড - অগ্নিকাণ্ড
বিলাসীপাৰাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰায় দহ লক্ষাধিক টকাৰ সম্পত্তি অগ্নিকাণ্ডৰ ফলত ক্ষতিসাধন হয় ৷

বিলাসীপাৰাত নিশা সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ড বিলাসীপাৰাত নিশা লোমহৰ্ষক ডকাইতি কাণ্ড