ধুবুৰী, 16 নৱেম্বৰ :পুৱাই গুৱাহাটীৰ পৰা নিজ গৃহলৈ অনা হয় জম্মু-কাশ্মীৰত পাকিস্তানী সেনাৰ হাতত প্ৰাণ হেৰুওৱা শ্বহীদ সেনা জোৱান হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ । ধুবুৰীৰ বিলাসীপাৰাৰ ফুটকীবাৰীত এতিয়া শোকাকূল পৰিৱেশে বিৰাজ কৰিছে ৷ পুৱা প্ৰায় চাৰে সাত বজাত নিজ গৃহত উপস্থিত হয় বীৰ জোৱান হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ ।
লগতে পঢ়ক :পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনঃ শ্বহীদ অসমৰ বীৰ জোৱান
জম্মু কাশ্মীৰৰ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখাত দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা অৱস্থাত দেশৰ হকে প্ৰাণ আহুতি দিয়ে অসম সন্তান হৰধন চন্দ্ৰ ৰয়ে । ৰাষ্ট্ৰীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব অসম সন্তান বীৰ জোৱানজনৰ ৷ ইয়াৰ বাবে ধুবুৰী জিলা প্ৰশাসনে সম্পন্ন কৰি তুলিছে যাবতীয় ব্যৱস্থা । সম্প্ৰতি বিলাসীপাৰাৰ ফুটকীবাৰীৰ গৌৰাং নৈৰ পাৰত বীৰ শ্বহীদ জোৱান হৰধন চন্দ্ৰ ৰায়লৈ শেষ শ্ৰদ্ধাঞ্জলি জনাইছে অজস্ৰ জনে । বীৰ শ্বহীদ জোৱান হৰধন চন্দ্ৰ ৰায়লৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ গৌৰাং নৈৰ পাৰত সমবেত হৈছে হেজাৰ হেজাৰ লোক ।