অসম

assam

By

Published : Jun 15, 2020, 6:04 PM IST

ETV Bharat / state

স্মৃতি দিৱসৰ দিনটোতে ধুবুৰীত অৱহেলিত হৈ ৰ'ল শ্বহীদ কুশল কোঁৱৰ

সোমবাৰে 77 তম মৃত্যু বৰ্ষিকীৰ দিনটোতে ধুবুৰীত অৱহেলিত হৈ ৰ'ল শ্বহীদ কুশল কোঁৱৰ ৷ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ধুবুনী ঘাটৰ উদ্যানত অৱস্থিত শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত আগত নজ্বলিল এগছিও বন্তি ৷

কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আজিৰ এই বিশেষ দিনটোতে পৰি আছে উকা হৈ
কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আজিৰ এই বিশেষ দিনটোতে পৰি আছে উকা হৈ

ধুবুৰী, 15 জুনঃৰাজ্যজুৰি 15 জুনৰ দিনটোত পালন কৰি অহা হৈছে শ্বহীদ কুশল কোঁৱৰ স্মৃতি দিৱস হিচাপে ৷ ১৯৪৩ চনৰ আজিৰ দিনটোতে দেশৰ হকে ফাঁচী কাঠত উঠিছিল শ্বহীদ কুশল কোঁৱৰ ৷ কিন্তু আজিৰ এই দিনটোতে ধুবুৰীত অপমানিত হ'ল দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ গৰাকী ৷ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নেতাই ধুবুনী ঘাটৰ উদ্যানত ২০০৫ চনতে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ পুঁজিৰে স্থাপন কৰা হৈছিল শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি ৷ তদানীন্তন কৃষি আৰু চৰ উন্নয়ন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে শুভ উদ্বোধন কৰা কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আজিৰ এই বিশেষ দিনটোতে পৰি ৰৈছে উকা হৈ ৷

কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আজিৰ এই বিশেষ দিনটোত পৰি ৰৈছে উকা হৈ

শ্বহীদ গৰাকীৰ ৭৭ তম মৃত্যু দিৱসত তেওঁৰ প্ৰতিমূৰ্তিৰ সন্মুখত নজ্বলিল এগছিও বন্তি ৷ আনকি প্ৰতিমূৰ্তিত এজাল মালা আঁৰিবলৈয়ো আহৰি নাপালে জিলা প্ৰশাসনে ৷ যাক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে ৷ স্থানীয় লোকৰ অভিযোগ প্ৰতিদিনেই জিলা প্ৰশাসনৰ লোক সেই বাটেৰেই অহা যোৱা কৰা সত্বেও তেওঁলোকে দৃষ্টি গোচৰ নহ'ল শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি ৷ আনকি সাহিত্য সভাকে ধৰি আন আন অনুষ্ঠানেও শ্বহীদ কুশল কোঁৱৰক পাহৰিলে বুলিও উল্লেখ কৰে স্থানীয় লোকে ৷

স্মৃতি দিৱসৰ দিনটোতে ধুবুৰীত অৱহেলিত হৈ ৰ'ল শ্বহীদ কুশল কোঁৱৰ

লগতে পঢ়কঃএকেলগে হাত ভৰি মুখেৰে ছবি আঁকিব পৰা যুৱকজন

ABOUT THE AUTHOR

...view details