অসম

assam

ETV Bharat / state

কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

পশ্চিম বংগৰ জলপাইগুৰিৰ দৰা ওম প্ৰকাশ আৰু অসমৰ ধুবুৰী জিলাৰ কইনা কাজল সাহাৰ পূৰ্বৰে পৰা ঠিক হৈ আছিল বিয়াৰ দিন ৷ এনেতে দুয়োৰে বিয়াৰ মাজত বাধাৰ প্ৰাচীৰ হৈ থিয় দিলে কৰ'ণা মহামাৰী আৰু লক ডাউনে ৷ কিন্তু সেই বাধাৰ প্ৰাচীৰ ভাঙি লক ডাউন চলি থকাৰ সময়তেই শনিবাৰে অসম-বংগ সীমান্তৰ ছাগলীয়াত উপস্থিত হয় পশ্চিম বংগৰ দৰা পক্ষ৷অসমত উপস্থিত হোৱাৰ পিছতে পুনৰ কেণা লাগে দৰাৰ ৷

marriage at Quarantine Center in dhubri
কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

By

Published : May 24, 2020, 11:10 PM IST

ধুবুৰী,24মে':জন্ম,মৃত্যু,বিবাহ ! ক'ত আৰু কেতিয়া হয় কোনেও নাজানে ৷ তাৰেই যেন প্ৰমাণ ঘটিল পুনৰবাৰ ৷ লক ডাউনৰ নীতি নিয়ম মানি পশ্চিম বংগৰ দৰা আৰু অসমৰ কইনাৰ মাজত সম্পন্ন হ'ল কোৱাৰেণ্টাইন বিয়া। কোৱাৰেণ্টাইন চেণ্টাৰৰ মাজতে হোমৰ জুই সাক্ষী কৰি মাস্ক পিন্ধি দুয়োয়ে পাতনি মেলিলে যুগ্ম জীৱনৰ ৷ পিছে ক'ত হ'ল এই কোৱাৰেণ্টাইন বিয়া ?

ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত অসম বংগ সীমান্তৰ ছাগলীয়া কোৱাৰেণ্টাইন চেণ্টাৰত সম্পন্ন হয় এই বিয়া ৷ জানিব পৰা মতে, পশ্চিম বংগৰ জলপাইগুৰিৰ দৰা ওম প্ৰকাশ আৰু অসমৰ ধুবুৰী জিলাৰ কইনা কাজল সাহাৰ পূৰ্বৰে পৰা ঠিক হৈ আছিল বিয়াৰ দিন ৷ এনেতে দুয়োৰে বিয়াৰ মাজত বাধাৰ প্ৰাচীৰ হৈ থিয় দিলে কৰ'ণা মহামাৰী আৰু লক ডাউনে ৷ কিন্তু সেই বাধাৰ প্ৰাচীৰ ভাঙি লক ডাউন চলি থকাৰ সময়তেই শনিবাৰে অসম-বংগ সীমান্তৰ ছাগলীয়াত উপস্থিত হয় পশ্চিম বংগৰ দৰা পক্ষ৷অসমত উপস্থিত হোৱাৰ পিছতে পুনৰ কেণা লাগে দৰাৰ ৷ কাৰণ লক ডাউনৰ বাবে বাধা হৈ থিয় দিলে ধুবুৰী জিলা প্ৰশাসনে ৷কিন্তু শুভ কামত জানোঁ বাধা দিব পাৰি? এই সন্দৰ্ভত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে এক আলোচনাত মিলিত হৈ কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে বিয়াখন সম্পন্ন কৰাৰ বাবে মত পোষণ কৰাৰ লগতে এই ক্ষেত্ৰত দৰা আৰু কইনাৰ দুয়োটা পৰিয়ালৰো সন্মতিৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে এগৰাকী আৰক্ষী বিষয়াই ৷

কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

ইপিনে নিশাৰ ভাগতেই ধুবুৰীৰ কইনা কাজল সাহাক লৈ অহা হ'ল বিয়াৰ থলী ছাগলীয়া কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৷ অৱশেষত সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে কোৱাৰেণ্টাইন চেণ্টাৰত সম্পন্ন হয় ওম প্ৰকাশ আৰু কাজল সাহাৰ বিয়া ৷ কোৱাৰেণ্টাইন চেণ্টাৰত অনুষ্ঠিত এই বিয়াত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক অশ্বিনী ৰায় সৰকাৰো উপস্থিতি থাকে ৷আনহাতে অনুষ্টুপীয়াকৈ হ'লেও নিজৰ যুগ্ম জীৱনৰ পাতনি মেলি এতিয়া আনন্দিত দৰা-কইনা ৷

লগতে পঢ়কঃতীৰ্থস্থানক কেন্দ্ৰ কৰি ৰাজ্যত পৰ্যটনৰ নতুন উদ্যোগ

ABOUT THE AUTHOR

...view details