অসম

assam

ETV Bharat / state

ধুবুৰীত সাপ্তাহিক বজাৰসমূহ বন্ধৰ নিৰ্দেশ উপয়ুক্তৰ - জিলা উপায়ুক্ত

ধুবুৰীৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ । কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ জিলা প্ৰশাসনৰ । বুধবাৰে পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশ ৷

Market will remain closed
ধুবুৰীৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

By

Published : May 12, 2021, 9:48 AM IST

ধুবুৰী, ১২ মে': ধুবুৰীত ক্ৰমান্বয়ে বৃদ্ধি হৈ অহা মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ বন্ধৰ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে । বুধবাৰে পুৱা ৫ বজাৰ পৰা জিলা উপায়ুক্তৰ এই নিৰ্দেশ কাৰ্যকৰী হৈছে ৷

বজাৰবোৰত ব্যাপক জন সমাগম হোৱাৰ লগতে বজাৰলৈ অহা অধিকাংশ লোকেই ক'ভিড বিধি উলংঘা কৰে । সামাজিক দূৰত্ব মানি চলা দূৰৰে কথা মাস্কো সঠিকভাৱে নিপিন্ধে । ফলত মহামাৰীৰ সংক্ৰমণস্থলীলৈ পৰিণত হয় এই বজাৰবোৰ ।

ধুবুৰীৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

সেয়ে, সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যেৰে সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ বন্ধৰ ৰখাৰ নিৰ্দেশ দিছে ধুবুৰী জিলা প্ৰশাসনে । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশেই মানি চলিব লাগিব বুলিও উল্লেখ কৰা হৈছে প্ৰশাসনৰ নিৰ্দেশনাত ৷

আনহাতে, এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়নি দিছে জিলা প্ৰশাসনে । উল্লেখ্য যে, ধুবুৰী জিলাত এতিয়ালৈকে ১৩২৭ গৰাকী লোক মহমাৰীত আক্ৰান্ত হৈছে । আনহাতে, কৰ'ণাত আক্ৰান্ত হৈ ১০ জন লোকৰ মৃত্যু হৈছে । জিলাখনত মাত্ৰ এটা দিনত আক্ৰান্ত হৈছে ১৪৪ জন লোক ।


লগতে পঢ়ক:ধুবুৰীত কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩২৭ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details