অসম

assam

ETV Bharat / state

Conflict over land : ধুবুৰীত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ আহত কেইবাগৰাকীও

ধুবুৰীৰ বগুলামৰী অঞ্চলত ভয়ংকৰ ৰূপ ল'লে ভূমিকেন্দ্ৰিক সংঘাতে । দুই ফৈদৰ মাজৰ কাজিয়াত মহিলাসহ কেইবাগৰাকী লোক আহত হৈছে (Injured in land centric conflict in Dhubri)। আহকসকলক হাস্পতালত ভৰ্তি । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

By

Published : Dec 7, 2022, 1:22 PM IST

Dhubri
ধুবুৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

ধুবুৰী,৭ ডিচেম্বৰ :ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ল’লে ধুবুৰীত । এক ভূমিকেন্দ্ৰিক কাজিয়াত মহিলাসহ কেইবাগৰাকীও আহত হয় (Land centric conflict in Dhubri)। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । সোধাপোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে এজনক ।

ঘটনাটো ধুবুৰী জিলাৰ ভাষানীচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বগুলামৰী অঞ্চলত সংঘটিত হৈছে । অঞ্চলটোৰ এডোখৰ বিবদমান ভূমিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত পূৰ্বৰে পৰা সংঘাত আছিল । কিন্তু বুধবাৰে এই সংঘাতে ভয়ংকৰ ৰূপ লয় । ভূমিখিনিক কেন্দ্ৰ কৰি দুয়োপক্ষৰে মাজত প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয় । এই কাজিয়াত মহিলাসহ ৫ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

ধুবুৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

জানিব পৰা মতে, ভূমিখিনিক লৈ অঞ্চলটোৰ মফিউৰ ৰহমান আৰু আমিৰ আলীৰ মাজত দীৰ্ঘদিনীয়া এক সংঘাত চলি আহিছিল (Land centric clashes between two families)। কিন্তু বুধবাৰে পুৱা সেই ভূমিখিনিক লৈয়ে দুয়োটা ফৈদৰ মাজত মাৰপিটৰ সৃষ্টি হয় । চোকা অস্ত্ৰ, লাঠি, জোং লৈ ইজনে সিজনক আক্ৰমণ কৰে ।

সংঘৰ্ষৰ ফলত দুই পক্ষৰে মহিলা আৰু কেইবাজনো লোক আহত হয় । গুৰুতৰভাৱে আহত হয় মফিউৰ ৰহমান নামৰ লোকজন । দুই পক্ষৰে আহতসকলৰ ভিতৰত আছে লালভানু, জেলেকা খাতুন, নীল ভানু, মফিউৰ ৰহমান, ছফিউৰ ৰহমানকে ধৰি কেইবাজনো (5 injured in land centric clash)। আহত লোকসকলক লগে লগে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

ইফালে সংঘৰ্ষৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । আনহাতে সোধাপোছাৰ বাবে এজন লোকক আৰক্ষীয়ে আটকো কৰিছে । ঘটনা সংক্ৰান্তত দুয়োপক্ষৰ ফালৰ পৰা স্থানীয় এ এম কোঃ ৰোডৰ বজাৰ আৰক্ষী চকীত পৃথকে পৃথকে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, উক্ত বিবদমান ভূমিক কেন্দ্ৰ কৰি দুই সম্পৰ্কীয় ভাতৃ মফিউৰ ৰহমান আৰু আমিৰ আলীৰ পক্ষৰ মাজৰ এই সংঘাতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে ভূমিখিনিক লৈ পূৰ্বেও গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Dacoit killed lady: ডুমডুমাত ডকাইতে কাটিলে মহিলাৰ ডিঙি

ABOUT THE AUTHOR

...view details