পশ্চিম বিলাসীপাৰা, 8 ছেপ্টেম্বৰ :অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে প্ৰতি মূহুৰ্ততে সষ্টম অসম আৰক্ষী (Assam Police crack down on crimes)৷ ৰাজ্যৰ পৰা পুলিয়ে পোখাই দুৰ্নীতি নিৰ্মূল কৰিবলৈ উঠি পৰি লাগিছে অসম আৰক্ষী তথা ৰাজ্যৰ প্ৰশাসন ৷ আনকি বিভিন্ন সময়ত আৰক্ষীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধীও ৷
ইয়াৰ মাজতে বিলাসীপাৰাৰ পুঠিমাৰীত ব্ৰহ্মপুত্ৰ নদীত নাঁও খেলৰ গইনা লৈ গঢ়ি উঠিছিল জুৱাৰ আড্ডা । বিগত তিনিদিন ধৰি পুঠিমাৰীত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত দিনে নিশাই চলি আছিল এই জুৱা খেল । এই তথ্য লাভ কৰিছিল বিলাসীপাৰা আৰক্ষীয়ে ৷
এই তথ্য লাভ কৰাৰ পাচতে আজি অৰ্থাৎ বৃহস্পতিবাৰে শালকোচা আৰক্ষীৰ সহযোগত বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাৰ নেতৃত্বত এটা দলে উক্ত স্থানত চলাইছিল এক অভিযান (Operation against Gambling at Bilasipara) ৷ এই অভিযানতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 8 টা জুৱাৰীক ৷ লগতে জব্দ কৰে বহু পৰিমাণৰ জুৱা খেলৰ সামগ্ৰীও (Many Gambler Arrested at Bilasipara) ৷